বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ দেহাৱসান

বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ দেহাৱসান
Published on

বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ দেহাৱসান । আজি পুৱা বিশিষ্ট চিত্ৰশিল্পী তথা গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি বেণু মিশ্ৰয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

১৯৩৯ চনৰ ২৭ নবেম্বৰত জন্ম গ্ৰহণ কৰিছিল চিত্ৰশিল্পী গৰাকীয়ে ।

১৯৬১ চনত শান্তিনিকেতনৰ কলা ভবনৰ পৰা ফাইন আৰ্ট আৰু ক্ৰাফট বিষয়ত ডিপ্ল'মা অৰ্জন কৰিছিল ।

অসম চৰকাৰৰ জনসংযোগ বিভাগত " আৰ্টিষ্টি" হিচাপে চাকৰিৰ জীৱন আৰম্ভ কৰিছিল । তেওঁ ব'ম্বেৰ sir Jacob sasoon school ত আৰ্টৰ শিক্ষক হিচাপে কিছুদিন শিক্ষকতা কৰিছিল ।

বেণু মিশ্ৰৰ জীৱনৰ প্ৰথম খন একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল নেপালৰ কাঠমাণ্ডুত । তাৰ পিছত বিশ্বৰ বিভিন্ন ঠাইত পদৰ্শনী কৰা হয় বেণু মিশ্ৰৰ চিত্ৰৰ । তেওঁৰ এখন বিখ্যাত চিত্ৰ হৈছে "ডেথ" ছবি খন। The hot news আন এখন উল্লেখযোগ্য ছবি।

"কথা গুৱাহাটী " নামৰ মাহেকীয়া আলোচনীত অবৈতনিক কলা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অধিনায়ক, কবিতা নামৰ আলোচনীতো কাৰ্যনিৰ্বাহ কৰিছিল ।

বেণু মিশ্ৰৰ মৃত্যুত শিল্প জগতত খনত শোকৰ ছাঁ পৰিছে । বেণু মিশ্ৰৰ নশ্বৰ দেহ গুৱাহাটী আৰ্টিষ্ট গিল্ডলৈ নিয়া হব । নৱগ্ৰহ স্মশানত শেষকৃত্য সম্পন্ন কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com