কলাইগাঁৱত বৃদ্ধ পেঞ্চনৰ আচঁনি মুকলি

কলাইগাঁৱত বৃদ্ধ পেঞ্চনৰ আচঁনি মুকলি
Published on

যোৱা মঙলবাৰে কলাইগাঁও বিকাশ বল্কৰ সৈতে মাজৰচুবা গাঁও পৰিষদৰ বিকাশ কমিটিৰ সহযোগত শ্বহীদ কুশল কোৱঁৰ সৰ্বজান বৃদ্ধা পেঞ্চন আঁচনি মুকলি কৰা হয় ।মহাত্মা গান্ধীৰ জন্ম জয়ন্তী অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা খন অনুষ্ঠান খন আয়োজন কৰা হয় ।বিশেষ গাঁও সভাৰ যোগেদি কলাইগাঁও বিকাশ বল্কে আনুষ্ঠানিক ভাৱে পেঞ্চন আঁচনি খন মুকলি কৰা হয় । গাঁও সভা খনৰ আয়োজন কৰে মাজৰচুবা গাঁও পৰিষদৰ বিকাশ কমিটিৰ অধ্যক্ষ চন্দ্ৰ দাসে। কনিষ্ঠ অভিযন্তা ৰতন এইকে মহাত্মা গান্ধীৰ মতাদৰ্শৰ ওপৰত ভাষন প্ৰদান কৰাৰ লগতে সভা খনৰ মুল লক্ষ্যৰ বিষয়েও ব্যক্ত কৰে।উক্ত সভা খনত প্ৰায় ৩০০মান লোকে অংশ-গ্ৰহন কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com