ৰাজ্যিক বাতৰি
বোকাজানত ৰাইজ আৰু শিক্ষাৰ্থী প্ৰতিবাদ
উমেশ গুপ্তা নামৰ এটা প্ৰৱঞ্চক,জুৱাৰীৰ গ্ৰেপ্তাৰৰ দাবীত বোকাজানত শতাধিক ৰাইজ আৰু ছাত্ৰ-ছাএীয়ে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।কাৰ্বিআলং জিলাত নানাধৰনৰ চিন্ডিকেট চলাই থকা গুপ্তাই ব্যক্তিগত নিউজ চেনেলৰ লগতে আৰক্ষীক মেনেজ কৰি গ্ৰেপ্তাৰ নোহোৱাকৈ বাচি আছে।গুপ্তা নানাধৰনৰ অনৈতিক কাৰ্য্যকলাপ যেনে ড্ৰাগচ সৰবৰাহ,চাকৰি দিয়াৰ নামত পইচা সংগ্ৰহ আদিৰ লগত জড়িত হৈ আছে।এতিয়ালৈ পাহাৰীয়া জিলাখনৰ বহুত শিক্ষাৰ্থী গুপ্তাৰ জালত পৰিছে।আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াক মেনেজ কৰি অনৈতিক কাৰ্য্যকলাপ চলাই গৈছে বুলি ৰাইজে দাবী কৰাৰ লগতে উক্ত দাগী অপৰাধীটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলে আৰক্ষীক দাবী জনাই।

