ৰাজ্যিক বাতৰি
বৰ্জপাত পৰি দুটা হাতীৰ কৰুণ মৃত্যু
হোজাই আৰু কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী দৰ্জীচিতত দুই বনৰীয়া হাতীৰ বৰ্জপাতৰ ফলত কৰুণ মৃত্যু সাৱতি লয়। এটা ডাঙৰ লগতে এটা পুৱালী হাতী পুৱা পৃথকে পৃথকে মৃত অৱস্থাত পৰি থকা দেখি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে।ঘটনাস্থলিত বনবিভাগৰ লোক উপস্থিত হৈ বৰ্জপাতৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে।খাদ্য সন্ধানত হাবিৰ পৰা ওলাই অহা দুই হাতীৰ এনেদৰে মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। আনহাতে ডাঙৰ হাতীটোৰ মূৰত আঘাতৰ চিন স্পষ্ট হোৱাত সন্দেহৰ সৃষ্টি কৰিছে।