ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ: এজন লোক আহত

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ: এজন লোক আহত

ভাৰত-ভূটান সীমান্তত বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডত বন্যহস্তীয়ে বহু বছৰ ধৰি উপদ্ৰৱ চলাই আহিছে । যাৰ ফলত নিদ্ৰা হৰণ হৈছে অঞ্চল বাসীৰ ।

খাদ্যৰ সন্ধানত বহু সময়ত বন্যহস্তীৰ জাকে গাঁওত প্ৰবেশ কৰে। এনেদৰে বহু বছৰ ধৰি হাতী মানুহৰ সংঘাত অব্যাহত আছে এই অঞ্চল কেইটাত ।

বুধবাৰে নিশা বন্যহস্তীৰ জাকে গুৱাবাৰী গাঁওত প্ৰবেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে। বন্যহস্তীৰ জাকটোৱে গাঁওৰ দুটা পৰিয়ালৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে বহুতো নাৰিকল আৰু তামোল গছ ধ্বংস কৰে বন্যহস্তীৰ জাকটোৱে ।

বন্যহস্তীৰ আক্ৰমণত এজন লোক গুৰুত্বৰ ভাবে আহত হৈছে । লোক জনৰ নাম হৈছে ফিজো মুছাহাৰি । পিছত স্থানীয় লোকে ফিজো মুছাহাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

স্থানীয় লোকে জুই ধৰি, শব্দ কৰি বন্যহস্তীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও খেদি পঠিয়াবলৈ সক্ষম নহয় । বহু সময়ৰ পাছত বন্যহস্তীৰ জাকটোৱে পাহাৰলৈ গুচি যায় ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com