ভেৰাগাঁওৰ আইটিআইৰ অৱস্থা অতি শোচনীয়

ভেৰাগাঁওৰ আইটিআইৰ অৱস্থা অতি শোচনীয়
Published on

ভেৰাগাঁওত অৱস্থিত আইটিআইৰ অৱস্থা বৰ্তমান অতি শোচনীয় অৱস্থালৈ ঢ়াল খোৱা পৰিলক্ষিত হৈছে।ই এখন চৰকাৰী উদ্যোগিক প্ৰশিক্ষন প্ৰতিষ্ঠানৰ য'ত দক্ষতা বিকাশৰ বাবে ভিন্ন প্ৰশিক্ষন প্ৰদান কৰা হয়।চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা ভিন্ন দক্ষতা বিকাশমূলক বিষয় সমূহো পুৰণি হৈ গৈছে।প্ৰতিষ্ঠান খন চৰকাৰী হোৱা বাবে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে তাত নামভৰ্ত্তি কৰে। ইয়াৰ উপৰিও প্ৰতিষ্ঠান খনৰ প্ৰাথমিক আন্তঃগাঁঠনি অভাৱ, খোৱা পানীৰ সু-ব্যৱস্থা নাই,ছাত্ৰ-ছাত্ৰীৰ থকাৰ বাবে হোষ্টেলৰ ব্যৱস্থা আছে যদিও অৱস্থা একেবাৰে শোচনীয়।উক্ত এই কথা খিনি প্ৰতিষ্ঠান খনৰ নিৰ্দেশক উত্তম চন্দ্ৰ দাসে ব্যক্ত কৰিছে।

১৯৮৬চনত স্থাপিত হোৱা প্ৰতিষ্ঠান খনত চাৰিজন পানীৰ পাইপ ভাল,ইলেক্ট্ৰিচিয়ান,মটৰ চাইকেল ভাল মেকানিক,কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগেমিং এছিচটেণ্টৰ বাহিৰে অন্য কোনো লোকক নিয়োগ কৰা হোৱা নাই। উত্তম চন্দ্ৰ দাসে জনোৱা অনুসৰি প্ৰতিষ্ঠান খনে ৮৪জন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্ত্তি কৰিব পাৰিব আৰু তাৰে ২১জন ছাত্ৰ-ছাত্ৰীক প্ৰতিটো বিষয়ত পঢ়িব পাৰিব।লগতে ১৯গৰাকী প্ৰশিক্ষক আছে যদিও দিনযোৰাকৈ থকা কোনো এজন নিৰীক্ষক নাই।মাজবাটত থকা আইটিআইৰ নিৰীক্ষক বনেশ বড়োই অতিৰিক্ত ভাৰ প্ৰদান কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com