ভোটদান কৰক আৰু যোগ্য নেতা নিৰ্বাচন কৰক: সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী

ভোটদান কৰক  আৰু যোগ্য নেতা নিৰ্বাচন কৰক: সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী
Published on

অযোগ্য প্ৰাৰ্থী নিৰ্বাচিত হৈ প্ৰতিনিধিত্ব কৰাতকৈ নিৰ্বাচনত অংশগ্ৰহন কৰি যোগ্য প্ৰাৰ্থীক ভোট দান কৰিবলৈ আহ্বান বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ । আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।

সত্ৰাধিকাৰ গৰাকীয়ে অসমৰ জনসাধাৰণক নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি যোগ্য প্ৰাৰ্থীক ভোট দান কৰিবলৈ আহ্বান জনাইছে । লগতে ৰাজনৈতিক দল অথা তেওলোকৰ নেতা সকলক নিৰ্বাচনৰ সময়ত ব্যক্তিগত আক্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।

" আমি ধৰ্ম প্ৰচাৰক হোৱাৰ হেতুকে সক্ৰিয় ৰাজনীতিত প্ৰতক্ষ্য ভাবে জৰিয়ত হব নোৱাৰো বুলি প্ৰকাশ কৰে সত্ৰাধিকাৰ গৰাকীয়ে। পৰোক্ষ্য ভাবে আমাৰ সকলোৱে ৰাজনীতি ত অংশগ্ৰহণ কৰে বুলি প্ৰকাশ কৰে । আমাৰ এখন অংশগ্ৰহণকাৰী গনতান্ত্ৰ আৰু প্ৰত্যেক নিৰ্বাচনে জনসাধাৰণৰ বাবে নিজৰ যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ সুযোগ । নিৰ্বাচনৰ পাছত যাতে অযোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰি আক্ষেপ কৰিব লগা নহয় । নিৰ্বাচনত ভোটদান কৰিয়ে আমাৰ অধিকাৰ সাব্যস্ত কৰিব লাগে ।

লগতে সত্ৰাধিকাৰ গৰাকীয়ে কয় যে অসমীয়া লোকৰ নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থকাৰ অভ্যাস আছে। শেহতীয়াকৈ নিৰ্বাচনত ভোটাৰৰ হাৰ সামান্য বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে । কিন্তু ১০০% লৈ ভোটৰ হাৰ বৃদ্ধি হোৱাতো প্ৰয়োজনীয় বুলিও প্ৰকাশ কৰে ।

লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যক্তিগত ভাবে আক্ৰমণ কৰাত ক্ষোভ প্ৰকাশ কৰে। এইবাৰ দলৰ নেতা আৰু প্ৰাৰ্থীক প্ৰতিদন্দ্বি নেতা অথা প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য কৰি লয় । এয়া গ্ৰহণ যোগ্য নহয় । ৰাজনৈতিক দল সমুহে নিজৰ পূৰ্বৰ ৰাজনৈতিক দলৰ সন্মানৰ প্ৰসংগ উল্লেখ কৰি প্ৰচাৰ চলাব লাগে বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com