ভয়াবহ বানৰ কবলত গোলাঘাটৰ ৯১ খনকৈ গাঁও

ভয়াবহ বানৰ কবলত গোলাঘাটৰ ৯১ খনকৈ গাঁও
Published on

নীপকোৱে কোনো আগজাননী নিদিয়াকৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ ধনশিৰী নদীৰ জলপৃষ্ঠ বাঢ়ি যোৱাত গোলাঘাট জিলাৰ বান পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে।ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বহুসংখ্যক গাঁও বুৰাই পেলোৱাৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছে। প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিলেও এতিয়ালৈকে কোনো সাহাৰ্য লাভ কৰা নাই বানপীড়িত লোকে। যাৰ কাৰণে অস্থায়ী আশ্ৰয় শিবিৰসমূহত বিগত তিনিদিন ধৰি একো নোখোৱাকৈ অতি কষ্টৰে দিন পাৰ কৰিছে বনাৰ্ত্য সকলে।ধনশিৰিৰ বোৱতী পানীয়ে উজনি আৰু নামনি অসমৰ লগত যোগাযোগ স্থাপন কৰা এখন দলঙৰ একাংশ উটুৱাই নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নদীখনৰ বাঢ়নী পানীয়ে গোলাঘাটৰ ৯০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে। যাৰ ফলত প্ৰায় ২০,০০০ত কৈ অধিক লোক বানত পীড়িত লগতে বহুতো পশুধনৰ ক্ষতি হৈছে।বানত আবদ্ধ লোকসকলক এছ ডি আৰ এফ আৰু এন ডি আৰ এফয়েও বানপীড়িত লোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকিয়াই বানপানীত পীড়িত লোকসকলক উদ্ধাৰৰ লগতে সহায়ৰ হাত আগবঢ়াইছে।সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈৰ লগতে সংগঠনটোৰ বিষয়ববীয়া গোলাঘাটত উপস্থিত হৈ অস্থায়ী বনাৰ্ত্য শিবিৰত বনাৰ্ত্য সকলক যাবতীয় সামগ্ৰী প্ৰদান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com