মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ লগত গোপন বুজা বুজি আছে :অগপ

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ লগত গোপন বুজা বুজি আছে :অগপ
Published on

সমাগত পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত মিত্ৰ দলৰ সংঘাত পৰিলক্ষিত হৈছে চলিত চৰকাৰখনত ৷ ড° হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ লগত গোপন বুজা বুজি আছে ৷ এই মন্তব্য অগপৰ ৷ দিছপুৰত হোৱা এক সংবাদমেলত বিজেপিৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কৰিলে অসম গণ পৰিষদে ৷

ইফালে,জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এক সংবাদমেলত কয় যে, অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই ৷ লগতে,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অগপৰ বাবেই ইতিমধ্যে প্ৰায় ১ কোটি বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিলে৷ ইফালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অগপই ৷ দিছপুৰত হোৱা সংবাদমেলত অগপই কয় যে হিমন্তৰ পৰা নীতি শিক্ষা ল’ব লগীয়া নাই ৷মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ লগত গোপন বুজাবুজি আছে ৷

অন্যহাতে বিজেপিৰ লগত মিত্ৰতা থাকিবনে সেই বিষয়ে সিদ্ধান্ত লোৱাৰ কথাও উল্লেখ কৰে অগপই ৷ উল্লেখ্য যে,দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত হোৱা এখন সংবাদমেলত নেডাৰ আহ্বায়ক তথা গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ক্ষুৰধাৰ সমালোচনা কৰিছিল মিত্ৰদল অগপক ৷ বাৰম্বাৰ অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক খনক লৈ অপ্ৰস্তুত কৰি আহিছে ৷ কিন্তু বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম মানিয়েই আজিলৈকে কোনো প্ৰত্যুত্তৰ দিয়া নাই বুলি কয় মন্ত্ৰী ড° শৰ্মাই ৷

লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,অগপই ভিতৰি তৃণমুল কংগ্ৰেছৰ মিত্ৰতা কৰিব বিচাৰিছে ৷ এই কথা প্ৰকাশ কৰিছে নাহৰকটীয়া বিধায়ক সোনোৱালে ৷অন্যহাতে বিধেয়কখনৰ বাবে আলফালৈ নতুন যুৱক যুৱতী যোৱা নাই,এই কথা স্পষ্ট কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ বিধেয়কখন নাথাকোঁতে আলফালৈ মানুহ যোৱা নাছিল নেকি বুলি প্ৰশ্ন কৰে মন্ত্ৰী ড° শৰ্মাই ৷

অন্যহাতে আলফাক প্ৰৰোচিত কৰি অসমখনক অশান্ত নকৰিবৰ কাৰণে সকলোকে আহ্বান কৰে ৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আলোচনালৈ আহিলে বিধেয়কখন বাতিল কৰিব বুলিও সংবাদমেলখনত কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com