ম’বাইল চিকিৎসা শিবিৰ আয়োজন

ম’বাইল চিকিৎসা শিবিৰ আয়োজন
Published on

বানপানীত ক্ষতিগ্ৰস্ত হোৱা গাঁও কোৱাঁৰী গাঁও,নগ্ৰা,আৰু গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত আইটুনিয়া মৰিগাঁওত এনডিআৰএফৰ প্ৰথমটি বেটেলিয়ানে দেওবাৰ আৰু সোমবাৰে দুদিনীয়াকৈ এটি ম'বাইল মেডিকেল তথা চিকিৎসা শিবিৰ এটিৰ আয়োজন কৰে। চিকিৎসা শিবিৰৰ দলটোৱে ডাঃ গৌচ-ইআ-আজাম টি,এচি(মঅ) আৰু পেৰামেডিকেল সদস্যই ৩১০গৰাকী ৰোগীক চিকিৎসা কৰে।ইয়াৰ উপৰিও স্থানীয় লোক সকলক স্বাস্থ্যজনিত পৰামৰ্শ আগবঢ়াই আৰু ভিন্ন ৰোগৰ বিৰুদ্ধে কিদৰে সাৱধানতা লব লাগে সেই বিষয়ে পৰামৰ্শ প্ৰদান কৰে।বহু সংখ্যক ৰোগীয়ে বমি,ডায়েৰীয়া,জ্বৰ,কফ,ঠাণ্ডা লগা,আদি বেমাৰত ভোগে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com