মহিলা সাংবাদিকক নিৰ্যাতন

মহিলা সাংবাদিকক নিৰ্যাতন
Published on

জুনৰ ২২তাৰিখে ২৯ বছৰীয়া মহিলা সাংবাদিক এগৰাকী গুৱাহাটীৰ পৰা ৫ বাজি ৩০মিনিটত নলবাৰী জিলাৰ তিহুলৈ মানস ৰাইনো পেচেঞ্জাৰ ট্ৰেইনৰ মহিলা সংৰক্ষিত দবাত যাত্ৰা কৰাৰ সময়ত কঠাঁলকুছি ষ্টেচনত ৪জনকৈ পুৰুষ উঠে আৰু মহিলা গৰাকীক অসৎ ইংগিত দিয়াৰ লগতে অশালীন ব্যৱহাৰ কৰাৰ আৰম্ভ কৰে।সেইসময়ত ট্ৰেইন খনত কোনো সুৰক্ষা বাহিনীৰ মামুহো মজুত নাছিল।মহিলা সাংবাদিক গৰাকীয়ে ৰেলেৱে চৰকাৰী পুলিচ সুৰক্ষা বাহিনীক এজাহাৰ এখন দাখিল কৰে আৰু অপৰাধী অতি সোনকালে আটক কৰিব বুলি ৰেলেৱে আৰক্ষীয়ে মত প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com