মাতৃভাষা ঞ্জান নথকা কোনো ব্যক্তিক অসমত চাকৰি দিয়া নহব: অসম সাহিত্য সভা

মাতৃভাষা ঞ্জান নথকা কোনো ব্যক্তিক অসমত চাকৰি দিয়া নহব: অসম সাহিত্য সভা
Published on

আজি অসম সাহিত্য সভায়ে সংবাদমেল সম্বোধন কৰি চৰকাৰ তথা কেন্দ্ৰীয় বিদ্যালয় আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদলৈ কেইবাটাও দাবী জনাই ।

সংবাদমেলৰ যোগেদি অসম সাহিত্য সভায়ে দ্বাদশ শ্ৰেণীলৈকে অসমীয়া আৰু অসমৰ খিলঞ্জীয়া আঞ্চলিক ভাষাক তৃতীয় ভাষা হিচাপে মৰ্যদা দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমীয়া ভাষাত আশী আৰু ইয়াৰ উৰ্ধ্বৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক সকলক অসম সাহিত্য সভায়ে অভিনন্দন পত্ৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে ।

অচিৰেই আগন্তুক শিক্ষাবৰ্ষত অসমীয়াৰ লগতে আঞ্চলিক ভাষা সমূহ আৰম্ভ কৰাৰ দাবী জনাইছে। সংস্কৃত ভাষাৰ দৰে অসমীয়া ভাষাও তৃতীয় ভাষা হিচাপে মৰ্যদা দিয়াৰ দাবী জনাইছে অসম সাহিত্য সভায়ে । ৰাজশ্ৰী পাঠকক বিশেষ সন্মান জনাব অসম সাহিত্য সভায়ে বুলি প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ।

কেন্দ্ৰীয় বিদ্যালয় সংস্থা আৰু কেন্দ্ৰীয় মাধ্যমিক পৰিষদে দ্বাদশ শ্ৰেণীলৈকে অসমীয়া বিষয়ৰ উপৰি অন্যান্য স্বীকৃতি প্ৰাপ্ত খিলঞ্জীয়া আঞ্চলিক ভাষা তৃতীয় ভাষা হিচাপে শিক্ষাদান কৰিবলৈ দাবী জনাই ।

লগতে অসম সাহিত্য সভায়ে অভিযোগ কৰে যে ব্যক্তিগত খণ্ডৰ কাজিৰঙা বিশ্ববিদ্যালয় আৰু ডনবস্ক বিদ্যালয়ে অসম সাহিত্য সভাৰ দাবী সমুহক আওকাণ কৰিছে । জাতীয় জীৱনৰ বিৰুদ্ধে গ'লে ব্যবস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে ।

অসম সাহিত্য সভাৰ দাবী সমুহ কেন্দ্ৰৰ ওচৰত উত্থাপনৰ লগতে অসমৰ ভাষা-নীতি আৰু সংশ্লিষ্ট নিয়োগ-নীতি এমাহৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ওচৰত দাবী জনাই । লগতে অসম চৰকাৰৰ মিত্ৰজোটৰ অংশীদাৰ অগপ, বিপিএফে এই দাবী সমুহৰ সম্পৰ্কত ১০ দিনৰ ভিতৰত নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ দাবী জনাইছে ।

অসম সাহিত্য সভায়ে এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হস্তক্ষেপ কামনা কৰিছে বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com