মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় বিষয়াৰ উদালগুৰিৰ বিদ্যালয়ৰ পৰিদৰ্শন

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় বিষয়াৰ উদালগুৰিৰ বিদ্যালয়ৰ পৰিদৰ্শন
Published on

যোৱা বুধবাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ বিভাগে অসমৰ বিদ্যালয় পৰিদৰ্শনৰ কাম আৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ বিভাগৰ অন্তৰ্গত শিক্ষা আৰু সাক্ষৰতা বিভাগে মাজে সময়ে উদালগুৰি জিলাৰ বিদ্যালয় পৰিদৰ্শন কৰিব।ইতিমধ্যে যোৱা বুধবাৰে উদালগুৰি টাউনৰ এলপি স্কুল আৰু উদালগুৰি ছোৱালী উচ্চ বিদ্যালয়ত পৰিদৰ্শন কৰা হৈছে।

পৰিদৰ্শনৰ সময়ত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ বিভাগে বিদ্যালয় খনৰ শৈক্ষিক খতিয়ান,প্ৰাথমিক আন্তঃগাঠঁনিৰ সুবিধা,বিদ্যুত,মধ্যাহ্ন ভোজন,স্বচ্ছতা,শৌচাগাৰ,খোৱা পানীৰ সুবিধা,শ্ৰেণীকোঠাৰ অৱস্থা,কম্পিউটাৰ,বিজ্ঞানাগাৰ,পুঠিভঁৰাল আদিৰ সুবিধা সমূহৰ প্ৰতি চকু দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com