মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা অভিযোগ প্ৰত্যাখান বিজেপি অসম প্ৰদেশৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা অভিযোগ প্ৰত্যাখান বিজেপি অসম প্ৰদেশৰ
Published on

মুখ্যমন্ত্ৰী কাৰ্যালয় দুৰ্নীতিৰ কেন্দ্ৰ ৷ এই অভিযোগ কংগ্ৰেছ আৰু এআইইউডিএফৰ ৷এই অভিযোগ প্ৰত্যাখান কৰে বিজেপি অসম প্ৰদেশে ৷ আৰু কয় এই সন্দৰ্ভত কয় যে এই অভিযোগ ভিত্তীহীন ৷ দেওবাৰে, সংবাদমাধ্যমৰ সন্মুখত মতবিনিময় কৰি বিজেপিৰ প্ৰবক্তা ৰূপম গোস্বামীয়ে কয় যে বিজেপিয়ে অসমত লোকসভা নিৰ্বাচনত উন্নত প্ৰদৰ্শন কৰিছে ৷

গতিকে কংগ্ৰেছ আৰু এআইইউডিএফ এই ক্ষেত্ৰত ভয় খাইছে ৷ তেওঁলোকে নিজৰ নিশ্চিত বিফলতাৰ কাৰণে নিৰাশা হৈছে ৷ সেয়েহে এনে ধৰণৰ স্থিতিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভিত্তিহীন মন্তব্য আগবঢ়াইছে ৷যদি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছ আৰু এআইইউডিএফৰ ওচৰত কিবা প্ৰমাণ আছে, তেন্তে কিয় অনুসন্ধানকাৰী অথবা মুখ্যমন্ত্ৰীক অৰ্পন কৰা কিয় নাই বুলি প্ৰশ্ন কৰে ৰূপম গোস্বামীয়ে ৷ এনে ধৰণৰ পৰিস্থিতিত এক বিশেষ তদন্ত কৰাৰ অত্যন্ত প্ৰয়োজন ৷ কিন্তু তেওঁলোকে মিছা কথাৰ আশ্ৰয় লৈ জনতাক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com