মুম্বাইৰ ভাৰত পেট্ৰ’লিয়ামৰ প্ৰকল্পত অগ্নিকাণ্ড

মুম্বাইৰ ভাৰত পেট্ৰ’লিয়ামৰ প্ৰকল্পত অগ্নিকাণ্ড
Published on

মুম্বাইৰ চেম্বুলিস্থিত ভাৰত পেট্ৰ'লিয়ামৰ প্ৰকল্পত বুধবাৰে দুপৰীয়া এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিনিৰ্বাপক বাহিনীৰ দুখন ফোম, ন খন টেংক আৰু দমকলৰ নটি ইঞ্জিনেৰে ঘন্টাজুৰি চলোৱা প্ৰচেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।এই অগ্নিকাণ্ডত এতিয়ালৈকে দুগৰাকী লোক সামান্যভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।মূহূৰ্ততে অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ খৱৰ পোৱাৰ পিচতে প্ৰকল্পটোত অতি উত্তেজনা পৰিবেশৰ সৃষ্টি হয়।অগ্নিকাণ্ডই অতি ভয়ানক ৰূপ ধাৰণ কৰাৰ বাবে লৰালৰিকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীলৈ দমকলৰ দুটা নটি ইঞ্জিন, দুটা ফোম আৰু দুটা জাম্বো টেংক প্ৰেৰণ কৰি প্ৰকল্পতটোৰ অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com