মেলেৰীয়া ৰোগৰ প্ৰতিৰোধৰ সজাগতা সভাৰ আয়োজন

মেলেৰীয়া ৰোগৰ প্ৰতিৰোধৰ সজাগতা সভাৰ আয়োজন
Published on

যোৱা শনিবাৰে নাগ্ৰিজুলি চাহ বাগানৰ ১৯লাইন ক্লাৱ হাউছত মেলেৰীয়া ৰোগৰ বিৰুদ্ধে এখন সজাগতা সভাৰ আয়োজন কৰা হয় । সভা খন আয়োজন কৰে নাগ্ৰিজুলি চেইণ্ট জুদ ইংলিচ স্কুলৰ শিক্ষকে,সভা খনত উপস্থিত থাকে সমাজ সেৱক ব্ৰজেন বড়ো আৰু খাটাৰবাৰীৰ সুকুমাৰ সৰকাৰ । এই দুয়ো গৰাকী সমাজ সেৱকে মেলেৰীয়া ৰোগৰ কাৰন সমূহৰ বিষয়ে বিস্তৃত্ব ধাৰনাত বুজায় দিয়ে ।ইয়াৰোপৰি চাহ বাগান খনৰ শ্ৰমিকৰ লগতে আশা কৰ্মীয়েও সভা খনত অংশ গ্ৰহন কৰে ।সভা খনত মেলেৰীয়া ৰোগ পৰীক্ষাৰ বাবে তেজ সংগ্ৰহ কৰে আৰু বিনামুলীয়া ঔষধ বিতৰন কৰে । সভা খন অনুষ্ঠিত কৰাৰ মুল উদ্দেশ্য হৈছে , মেলেৰীয়া ৰোগৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা বুলি খাটাৰবাৰীৰ সমাজ সেৱক ব্ৰজেন বড়োই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com