যমুনামুখৰ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ ৰায়দান প্ৰদান

যমুনামুখৰ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ ৰায়দান প্ৰদান
Published on

হোজাই জিলাৰ যমুনামুখৰ অৰ্নমাই বৰা হত্যাকাণ্ডৰ আজি হোজাই ছেচন আদালতে ৰায়দান প্ৰদান কৰে।অভিযুক্ত মইনুল হকক ফাঁচি ৰায় দিয়াৰ বিপৰীতে আনজন অভিযুক্ত চেলিমুদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।২০১৭ চনৰ ৩১ মে'ৰ সন্ধিয়া দুই পাষণ্ডই ধৰ্ষণ কৰি হত্যা কৰি যমুনামুখ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীক কপিলি নদীত পেলাই দিয়ে।মুমূৰ্ষ অৱস্থাত শিক্ষয়ত্ৰী গৰাকীক কপিলি নদীৰ পাৰত উদ্ধাৰ কৰিছিল।বিদ্যালয়ৰ পৰা ঘৰলৈ অহা সময়ত এই ঘটনাটো সংঘটিত হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com