লংকাৰ শিক্ষকক ৰাজ্যিক আদৰ্শ শিক্ষকৰ পদৰে সন্মানীত

লংকাৰ শিক্ষকক ৰাজ্যিক আদৰ্শ শিক্ষকৰ পদৰে সন্মানীত
Published on

৫ চেপ্তেম্বৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে গুৱাহাটীৰ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আযোজন কৰা অসমৰ প্ৰাথমিক,উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষক সকলৰ ভিতৰত উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৃতি আদৰ্শ শিক্ষক হিচাপে সম্বৰ্ধনা দিয়া শিক্ষক সকলৰ ভিতৰত সম্বৰ্ধনাৰ স্হান পাৱলৈ সক্ষম হয় লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত গোপী সিংহে | অসম চৰকাৰৰ ফালৰ পৰা কৃতি আৰু আদৰ্শ শিক্ষক হিচাপে গোপী সিংহ ক দিয়া হয় সম্বৰ্ধনা পত্ৰ, এখন শৰাই, গামোচা,বেজ আৰু এক ৫৫০০ টকাৰ মাননী । উক্ত সম্বৰ্ধনা অনুষ্ঠানত সিংহক অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিভাগীয় মন্ত্ৰী সিদাৰ্থ ভট্ৰাচাৰ্য্য ই নিজে বটা প্ৰদান কৰে | উল্লেখ যে ,লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ১৯৮০ চনৰ পৰা ২০১১ চনলৈকে সহ: শিক্ষক আৰু ২০১১ চনৰ আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে প্ৰধান শিক্ষক হিচাপে কৰ্মৰত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com