লক্ষীমপুৰত আইজিএছএছএছৰ সজাগতা সভা অনুষ্ঠিত

লক্ষীমপুৰত আইজিএছএছএছৰ সজাগতা সভা অনুষ্ঠিত
Published on: 

ইন্দো গ্লবেল চ'চিয়েল চাৰ্ভিছ ছোছাইটি বাটকটীয়া বেচৰকাৰী সংগঠন এটাই সমাজৰ দুখীয়া পিড়ীত লোক সকলৰ বাবে কাম কৰে।সংগঠনটোৱে ৰাজ্যিক সমাজ কল্যান জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সৈতে লগ হৈ যোৱা মঙলবাৰে উত্তৰ লক্ষীমপুৰ প্ৰেছ ক্লাৱত এখন সভা অনুষ্ঠিত কৰে।

সভাখনৰ আতঁ ধৰে ইন্দো গ্লবেল চ'চিয়েল চাৰ্ভিছ ছোছাইটিৰ গৱেষক পিনামনি বৰুৱাই।সজাগতা সভা খনে বিভিন্ন আচনি সমূহ কাৰ্য্যকৰী কৰিবলৈ দুটা বিভাগৰ নাম উল্লেখ কৰাৰ লগতে লোহিত খাবালু আৰু পশ্চিম তেলাহী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২৫খন গাওঁৰ পৰা ৪০জনকৈ প্ৰতিনিধিক নিৰ্বাচন কৰা হয়।

সভা খনত ৰাজ্যিক সমাজ কল্যান বিভাগৰ বিষয়া প্ৰশান্ত কুমাৰ বড়াই বিশেষ ভাৱে শাৰীৰিক সক্ষমতা আৰু প্ৰসূতি সকলক এই বিভিন্ন আচনি সমূহৰ বিষয়ে ব্যাখ্যা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com