লক্ষীমপুৰত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

Published on

লক্ষীমপুৰ জিলাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে বুধবাৰে পহুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস উদযাপন কৰে ৷এই অনুষ্ঠানত "অসমীয়া ভাষাৰ সুৰক্ষা" শীৰ্ষক এক সন্মিলনীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ধেমাজী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পুস্প নাথ বৰাই অসমীয়া ভাষাৰ সুৰক্ষা সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰে ।

ড° পুস্প নাথ শৰ্মাই নিজৰ ব্যক্তব্যত অসম সাহিত্য সভাক ভৱিষ্যতে অসমীয়া ভাষাটো যাতে হেৰাই নাযায় তাৰ কাৰণে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান কৰে ৷ অনুষ্ঠানটোত ভাগ লৈ সংবাদদাতা কুমুদ বৰুৱা আৰু বুবুল হাজৰিকাই নিৰ্ধাৰিত বিষয়বস্তুৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই ৷দুৰ্নীতি বিৰোধী যুৱ মঞ্চৰ সভাপতি ধৰ্ম কান্ত গগৈয়ে মুখ্য অতিথিৰ ৰূপত উপস্থিত থাকে ৷

ধৰ্ম কান্ত গগৈয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক ৰাজ্য চৰকাৰে স্মৰণ নকৰাৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কাৰণ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাক প্ৰতিস্থিত কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ অন্যহাতে,এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা শীৰ্ষক এক বিষয়ৰ ওপৰত নিৱন্ধন লিখাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । এই প্ৰতিযোগিতাত দৃষ্টি খাটনিয়াৰে প্ৰথম পুৰস্কাৰ আৰু তুনা মৰাং আৰু ডলী গগৈয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে। অনুষ্ঠানটিত সংগঠনটোৱে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ পঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com