লামডিঙত ৰাইজে আটক কৰিলে তিনিটা চোৰ

লামডিঙত ৰাইজে আটক কৰিলে তিনিটা চোৰ
Published on

লামডিঙৰ লো'ক কলনিত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাইজে তিনিটা চোৰক হাতে লোতে ধৰি আটক কৰি আবদ্ধ কৰি ৰাখিলে ক্লাৱত ৷ লামডিঙত বিগত কিছু দিন ধৰি চোৰে আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰো টুপনি হৰি আহিছে ৷ লামডিঙৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে মানুহৰ ঘৰতো চোৰে চুৰ কৰিছিল ৷ কিন্তু যোৱা নিশা লামডিঙৰ লো'ক কলনিত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি এটি ৰেলৱে আৱস গৃহত প্ৰৱেশ কৰিছিল কিন্তু গৃহস্থ আহি উপস্থিত হয় আৰু স্থানীয় ৰাইজে এটা চোৰক আটক কৰে কিন্তু দুটা চোৰ পলাই যায় ৷ স্থানীয় যুৱক সকলে দুয়োটা চোৰৰ পম খেদি বাকী দুটা চোৰকো আটক কৰে ৷ বিগত দিন কেইটাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱা চোৰৰ তিনিটা চোৰক যোৱা নিশা লো'ক কলনিৰ ৰাইজে আটক কৰি আৰক্ষীক গটায় দিয়ে ৷ আটক হোৱা চোৰ কেইটা ক্ৰমে পিন্টু শিল, কমল তাঁতি, সুভম ৰয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com