লেহেমীয়া গতিৰে চলিছে নদীদ্বীপ মাজুলী সংৰক্ষণৰ বাবে আবন্টিত ১৯৪ কোটি টকা প্ৰকল্পৰ কাম : অসন্তুষ্ট স্থানীয় লোক

লেহেমীয়া গতিৰে চলিছে নদীদ্বীপ মাজুলী সংৰক্ষণৰ বাবে আবন্টিত ১৯৪ কোটি টকা প্ৰকল্পৰ কাম : অসন্তুষ্ট স্থানীয় লোক

নদীদ্বীপ মাজুলী সংৰক্ষণৰ বাবে আবন্টিত ১৯৪ কোটি টকাৰ প্ৰকল্পত বিসংগতি সংঘটিত হৈছে । ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধিনত এই প্ৰকল্পৰ কাম চলি আছে ।

২০১৭ চনৰ ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে এই প্ৰকল্পটো উদ্বোধন কৰিছিল । এই প্ৰকল্পটো অৰুণাচল প্ৰদেশ ভিত্তিক কে টি ইঞ্জিনিয়াৰিং কনচট্ৰাকচন কোম্পানীয়ে কাম কৰিছে ।

উল্লেখ্য যে প্ৰকল্পটোৰ কামক লৈ স্থানীয় লোক সন্তুষ্ট নহয় । কামৰ মানদণ্ড উন্নত নহয় বুলি প্ৰকাশ কৰে। স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে কামত বালিৰ বেগ ব্যৱহাৰ কৰিছে। লগতে প্ৰকল্পটোৰ কাম অতি লেহেমীয়া গতিৰে চলিছে বুলি প্ৰকাশ কৰে ।

সোমবাৰে ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়ায়ে ভকত চাপৰি ত প্ৰকল্পটোৰ কামৰ পৰ্যবেক্ষন কৰে ।

মাজুলী জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ নিৰ্দেশত এ ডি চি নৰেন দাসে মংগলবাৰে প্ৰকল্পটোৰ কাম চলি থকা স্থানত উপস্থিত হৈ পৰ্যবেক্ষন কৰে। এ ডি চি গৰাকীয়েও কামৰ মানদণ্ডৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।

এডিচি নৰেন দাসে প্ৰকাশ কৰে যে , কামৰ মানদণ্ডৰ সন্দৰ্ভত সন্দেহ আছে। ব্ৰহ্মপুত্ৰ বৰ্ডৰ সহকাৰী অভিযন্তাক এই সম্পৰ্কত অনুসন্ধান কৰি ৰিপোৰ্ট দিবলৈ নিৰ্দেশ দিছে ।

সহকাৰী অভিযন্তা ভাস্কৰ চৌধৰীয়ে মংগলবাৰে প্ৰথম পৰ্যায়ৰ ৰিপোৰ্ট জিলা উপায়ুক্তক প্ৰদান কৰিছে । ৰিপোৰ্টত প্ৰকাশ কৰিছে যে খালী বালি সমূহ ব্যৱহাৰৰ ক্ষেত্ৰত এই বেগ সমূহ কেন্দ্ৰীয় গুদাম ৰ চাইটৰ পৰা অনা হৈছে বুলি প্ৰকাশ কৰে। কাম সমূহত চি চি টি ভি চাৰ্ভিলেঞ্চে অধিনত পৰ্যবেক্ষন কৰা হৈছে । জুনিয়ৰ অভিযন্তা আৰু ঠিকাদাৰৰ সকলো তথ্যয়ে পৰীক্ষা কৰা হৈছে বুলি প্ৰকাশ কৰে।

এই আচনি খন ভাৰত চৰকাৰে ২০১৭ চনৰ মাৰ্চ মাহত অনুমোদন জনাইছিল । ড'নাৰ মন্ত্ৰালয়ে প্ৰকল্পৰ মূলধন দিছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com