লোকসভা নিৰ্বাচন: বাছৰ ভাড়া বৃদ্ধি ফলত যাত্ৰীৰ মাজত অসুবিধা

লোকসভা নিৰ্বাচন: বাছৰ ভাড়া বৃদ্ধি ফলত যাত্ৰীৰ মাজত অসুবিধা
Published on

২৩ এপ্ৰিলত অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায় ভোট গ্ৰহণৰ বাবে চিটি বাছ সমুহত অত্যাধিক ভাড়া বৃদ্ধি ফলত যাত্ৰী সকল অসুবিধাৰ সন্মুখীন হৈছে । অধিক সংখ্যক বাছ তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰাৰ ফলত মহানগৰবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে বাছ আৰু ট্ৰেকাৰ সমুহ ব্যবহাৰ কৰাৰ ফলত থকা বাছ সমুহে বাছৰ ভাড়া বেচিকৈ লবলৈ সুবিধা লাভ কৰিছে । যাত্ৰী সকলক বাসস্থানতে এৰি যোৱাও পৰিলক্ষিত হয়। জালুকবাৰীতো একে দৃশ্যয়ে পৰিলক্ষিত হয়। লোকসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ঘৰলৈ যাবলৈ ৰৈ থকা পৰিলক্ষিত হয় জালুকবাৰী বাসস্থানত।

উল্লেখযোগ্য যে বাছৰ সংখ্যা হ্ৰাস হোৱাৰ ফলত বাছ সমুহত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হোৱাৰ লগতে বাছত উঠিবলৈ আৰু বাছৰ পৰা নামিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকলৰ মাজত । ইয়াৰে অজুহাতে বাছৰ ক'ণ্ডাক্টৰ বাছৰ ভাড়া বৃদ্ধি কৰিছে । চহৰত যত ৫ কিলোমিটাৰ পথৰ বাবে ৭ টকা, কিন্তু যাত্ৰী সকলে আজি ১০ টকা পৰিশোধ কৰিব লগা হৈছে । হৰেন দাস নামৰ এজন যাত্ৰীয়ে প্ৰকাশ কৰে যে " মই সদায় খ্ৰীষ্টানবস্তীৰ পৰা গনেশগুৰিলৈ আহো । খ্ৰীষ্টানবস্তীৰ পৰা গনেশগুৰিলৈ বাছৰ ভাড়া ৭ টকা । কিন্তু আজি ১০ টকা লৈছে , তেওঁলোকে খুচুৰা ঘূৰাই দিবলৈ অমান্তি হয় বুলি প্ৰকাশ কৰে । ৰাজহুৱা বাছৰ পৰ্যাপ্ত নথকাৰ সুবিধা লৈ ভাড়া বৃদ্ধি কৰিছে।"

সমান্তৰালকৈ গুৱাহাটীৰ পৰা নলবাৰী, ৰঙিয়া, বৰপেটা আদিলৈ যোৱা বাছ সমূহতো বাছৰ ভাড়া বৃদ্ধি কৰিছে । সেয়েহে যাত্ৰীসকলৰ মাজত যথেষ্ট অসুবিধা সন্মুখীন হৈছে । যাত্ৰী সকলে চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায় ভোট গ্ৰহণ । গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ এই ৪ টা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com