লোকসভা নিৰ্বাচন: বিজেপিয়ে বুথৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা ৰিপোৰ্ট বিচাৰে

লোকসভা নিৰ্বাচন: বিজেপিয়ে বুথৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা ৰিপোৰ্ট বিচাৰে
Published on

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা পাব বুলি প্ৰকাশ কৰিছে। ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ । এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১০ খন আসনত প্ৰতিদন্দ্বিতা আগবঢ়াইছে, আনহাতে মিত্ৰজোট চৰকাৰৰ মিত্ৰদল অগপয়ে ৩ খন আসনৰ পৰা প্ৰতিদন্দ্বিতা কৰাৰ লগতে বিপিএফে ১ খন আসনত প্ৰতিদন্দ্বিতা আগবঢ়াইছে ।

বিজেপি দল আৰু বিধায়ক সকলে প্ৰতিদন্দ্বিতা আগবঢ়োৱা ১০ টা সমষ্টিৰ ৯ খন আসনে লাভ কৰিব বুলি প্ৰকাশ কৰিছে । সূত্ৰয়ে জনোৱা মতে দলে গ্ৰাছৰোট পৰ্যায়ৰ পৰা চাৰ্ভে কৰাৰ লগতে তৃণমূল কৰ্মী সকলৰো মতামত লয় বুলি প্ৰকাশ কৰে।

দলৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে পৃষ্ঠা প্ৰমুখ আৰু বুথৰ ভাৰপ্ৰাপ্ত বিষয়া সকলক অধিক ভালকৈ বিশ্লেষণ আৰু নিৰ্ধাৰণ কৰিবলৈ ৰিপোৰ্ট কাৰ্ড জমা দিবলৈ কোৱা হৈছে ।

আনহাতে পঞ্চায়ত নিৰ্বাচনৰ পাছত বিজেপিয়ে ৰাজ্যৰ প্ৰত্যেকটো সমষ্টিত পৃষ্ঠা প্ৰমুখ আৰু ইন চাৰ্জক নিয়োগ কৰিছিল ।

প্ৰত্যেক পৃষ্ঠ প্ৰমুখক সকলক ১০ ৰ পৰা ২৫ ভোটাৰৰ দায়িত্ব দিয়া হৈছিল । যত এটা বুথ কেন্দ্ৰত ৮০০ ৰ পৰা ১২০০ নাম আছে ।

ৰাজ্যত সৰ্ব মুঠ ২৮১৪৩ টা বুথ আছে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com