লোকসভা নিৰ্বাচনৰ মাজতে ৰাজ্যত বৃহৎ পৰিমাণৰ টকা, সুৰা জব্দ

লোকসভা নিৰ্বাচনৰ মাজতে ৰাজ্যত বৃহৎ পৰিমাণৰ  টকা, সুৰা জব্দ

তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত দেওবাৰে অন্ত পৰে প্ৰচাৰ অভিযান । লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমানলৈকে ১২,৮৪,৪০,০৪১ জব্দ কৰিবলৈ সক্ষম হৈছে । ২১ এপ্ৰিললৈকে তৃতীয় পৰ্যায় নিৰ্বাচনৰ আগত ৪,৫৪,৫৫,৯৭০ জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে ৰাজ্যত নিৰ্বাচনৰ সময়ত ১,৭৩,৩০৬.৫৮ লিটাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।এই সুৰা খিনিৰ বজাৰৰ মূল্য হৈছে ১,৪৯,৪২,২৮০ । তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ আগলৈকে অৰ্থাৎ ২১ এপ্ৰিললৈকে ৩৬,৬২,৬২০ লিটাৰ জব্দ কৰে। সুৰা খিনিৰ বজাৰৰ মূল্য হৈছে ২৩,৪১,৪১৩ ।

২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায় নিৰ্বাচন। ৰাজ্যৰ ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায় ভোট গ্ৰহণ । গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত অনুষ্ঠিত হব ভোট গ্ৰহণ । ৪ টা সমষ্টিত মুঠ ভোট কেন্দ্ৰ ৯,৫৭৭ টা আছে। ভোটাৰৰ সংখ্যা হৈছে ৭৪,৭৭,০৬২ । ইয়াৰে ৩৬,৬১,৫৭০ মহিলা ভোটৰ থকাৰ বিপৰিতে ৩৮,১৫,৩৩৫ পুৰুষ ভোটাৰ আছে । ১৫৭ তৃতীয় লিংগৰ ভোটাৰ আছে । তৃতীয় পৰ্যায় নিৰ্বাচনত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হব ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com