আগন্তুক লোকসভাৰ নিৰ্বাচনত টেম্পাৰপ্ৰুফ ইভিএম ব্যবহাৰ কৰা হব

আগন্তুক লোকসভাৰ নিৰ্বাচনত টেম্পাৰপ্ৰুফ ইভিএম ব্যবহাৰ কৰা হব
Published on

ভাৰতৰ নিৰ্বাচনৰ আয়োগৰ নিৰ্দেশমতে আগন্তুক লোকসভাৰ নিৰ্বাচনত টেম্পাৰপ্ৰুফ ইভিএম ব্যবহাৰ কৰা হব । ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা মতে ৰাজ্যত ২৮,১৪৩ টা ভোট গ্ৰহণ কেন্দ্ৰ থাকিব । থাৰ্ড জেনেৰেচন টেম্পাৰপ্ৰুফ ইভিএম ব্যবহাৰ কৰা হব আৰু উন্নত মানদণ্ডৰ VVPAT , প্ৰথম বাৰৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত ব্যবহাৰ কৰা হব বুলি প্ৰকাশ কৰিছে । VVPAT এটা সত্যতা নিৰ্ণয় কৰা ভোটাৰ মেচিন, এই মেচিনটোয়ে কোনো ভূৱা ব্যক্তিক চিনাক্ত কৰিব ।

সকলোখিনি উন্নত প্ৰযুক্তিবিদ্যা সম্বলিত মেচিন সমুহ ৰাজ্যলৈ প্ৰেৰণ কৰিব ইলেক্ট্ৰনিক কৰ'পৰচন অব ইণ্ডিয়া, পাৰামানৱিক শক্তি বিভাগৰ অধীনত থকা ভাৰত চৰকাৰৰ প্ৰতিস্থানে । ভোট গ্ৰহণ কেন্দ্ৰতকৈ ২০ শংতাশ ইভিএম প্ৰয়োজন হোৱাৰ লগতে VVPAT মেচিন ভোট গ্ৰহণ কেন্দ্ৰৰ তুলনাত ৩০ শতাংশ প্ৰয়োজন হব। নিৰ্বাচনী বিভাগে প্ৰকাশ কৰা মতে নিৰ্বাচনৰ সকলো তৈয়াৰী প্ৰায় সম্পুৰ্ণ কেৱল ভোট গ্ৰহণৰ সামগ্ৰী, ইভিএম, VVPAT মেচিন সমুহ আহি পোৱা নাই ।

ভোট গ্ৰহণৰ সময়ত প্ৰত্যেক কেন্দ্ৰতে নিৰাপত্তাৰক্ষী সহ ৪ জন নিৰ্বাচনী বিষয়া থাকিব লাগিব । সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান নিৰ্বাচনী প্ৰচাৰ চলাই আছে ৰাজনৈতিক দল সমুহে । উল্লেখযোগ্য যে ৰাজ্যিক নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কন্ঠশিল্পী তৰালি শৰ্মাক নিৰ্বাচনৰ সজাগতা বাবে চুক্তিবদ্ধ কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com