শিলচৰত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

শিলচৰত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু
Published on

শিলচৰৰ জিৰিঘাট আৰক্ষী চকী অন্তৰ্গত জৰ্খা গাঁওৰ নিবাসী ৩২ বছৰীয়া জনাথন ভাইফেই নামৰ এজন ব্যক্তিৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে।লোকজনে তেওঁৰ জেষ্ঠ ভাতৃ চেমুৱেল ভাইফেইৰ লগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মটৰচাইকেলত শিলচৰৰ পৰা ফুলেৰটাল অভিমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অন্য এখন মটৰচাইকেলৰ লগত মুখামুখি সংঘৰ্ষ হোৱা ফলত দুৰ্ঘটনাটো সংঘটিত হয়।জনাথনৰ ঘটনাস্থলিতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত চেমুৱেলক ইমানুৱেল গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।আৰক্ষীয়ে জনাথনৰ মৃতদেহ মৰোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com