শিৱসাগৰৰ পুত্ৰই হত্যা কৰিলে মাতৃক

শিৱসাগৰৰ পুত্ৰই হত্যা কৰিলে মাতৃক
Published on

শিৱসাগৰৰ চেপন চাহ বাগিছাৰ মহিলা শ্ৰমিক চৰিতা খেৰুৱা(৫২) নামৰ মহিলা এগৰাকীৰ হত্যা হয়।জানিব পোৱা মতে,গৃহ কন্দলৰ বাবে মহিলা গৰাকীৰ পুত্ৰ মুনিন খেৰুৱা(২৭)ই যোৱা দেওবাৰে নিশা হত্যা কৰে।স্থানীয় লোক সকলৰ পৰা জানিব পোৱা মতে,পুত্ৰই অধিক হাৰত সুৰাপান কৰি মাকক শাৰীৰিক আৰু মানসিক ভাৱে উৎপীড়ন চলায়।

দেওবাৰে নিশা,মুনিন অধিক হাৰত সুৰাপান কৰি আহি ঘৰৰ বাহিৰত মাকক বাহ গছৰ কামিৰে মাৰধৰ কৰে আৰু মহিলা গৰাকী তথা মাকৰ মৃত্যু হয়।পৰৱৰ্ত্তী সময়ত চেপন আৰক্ষীয়ে নিৰ্দিষ্ট ঠাইৰ পৰা মৃতদেহ উদ্ধাৰ কৰে আৰু ধৃত পুত্ৰক গ্ৰেপ্তাৰ কৰে।মৃতদেহ উদ্ধাৰৰ পিছত মৰোনত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com