সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত চি চি টি ভি কেমেৰা থাকিব লাগিব: উচ্চ শিক্ষা বিভাগ

সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত চি চি টি ভি কেমেৰা থাকিব লাগিব: উচ্চ শিক্ষা বিভাগ
Published on

বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে শিক্ষা বিভাগে গাইড লাইন প্ৰকাশ কৰিছে । সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত চৌহদৰ ভিতৰত চি চি টি ভি সংস্থাপন কৰিবলৈ নিৰ্দেশনা দিছে । নিৰাপত্তাৰ দিশত কিছু গাইডলাইন যুক্ত পত্ৰ উচ্চ শিক্ষা পৰিষদৰ সহকাৰী সভাপতিয়ে অসম উচ্চ শিক্ষা পৰিষদৰ নিৰ্দেশকলৈ প্ৰেৰণ কৰে ।

মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহয় তাৰ বাবে এই গাইডলাইন সমুহ দিয়া হৈছে । বিশ্ববিদ্যালয়ৰ কতৃপক্ষৰ সহযোগত বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত আৰু বাহিৰত চি চি টি ভি কেমেৰা সংস্থাপনৰ কৰা প্ৰয়োজনীয় আৰু যদি কোনো ব্যক্তিগত আবাসত এই নিয়ম মানিবলৈ অসন্মত হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যবস্থা গ্ৰহণ কৰা হব ।

সকলো ব্যক্তিগত আবাসত চৌহদৰ ৱাল থকাৰ লগতে প্ৰবেশদ্বাৰ, কমন এৰিয়া আৰু কৰিডৰত চি চি টি ভিৰ ব্যবস্থা থাকিব লাগিব । সুৰা আৰু যিকোনো নিচাযুক্ত সামগ্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে ইলেক্ট্ৰনিক পাঞ্চিঙ মেচিনৰ ব্যবস্থা কৰা আৰু এই মেচিনৰ যোগেদি হোষ্টেলত সোমোৱা আৰু ওলোৱাৰ সময়ত এচ এম এচ যোগে অভিভাৱকলৈ পঠিওৱাৰ ব্যবস্থা কৰাৰ কথা প্ৰকাশ কৰে ।

হোষ্টেলৰ আশে পাশে থকা সুৰাৰ বিপনী সমুহত দৈনন্দিন আবকাৰী বিভাগে অভিযান চলোৱাৰ কথাও উল্লেখ কৰে । কাষৰীয়া ৰাজ্যৰ পৰা পৰা কোনো শিক্ষাৰ্থী শিক্ষা গ্ৰহণ কৰিবলৈ অহাৰ সময়ত বিশ্ববিদ্যালয়ৰ প্ৰথম দায়িত্ব হব শিক্ষাৰ্থীৰ স্থান বৃদ্ধি কৰা।

এই গাইডলাইন সমুহ সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়লৈ প্ৰৰন কৰা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com