সদৌ বড়ো ছাত্ৰ সন্থাই পালন কৰিলে শ্বমব্লা বসুমতাৰীৰ ২২সংখ্যক মৃত্যু বাৰ্ষিক দিৱস

সদৌ বড়ো ছাত্ৰ সন্থাই পালন কৰিলে শ্বমব্লা বসুমতাৰীৰ ২২সংখ্যক মৃত্যু বাৰ্ষিক দিৱস
Published on: 

সদৌ বড়ো ছাত্ৰ সন্থাই যোৱা সোমবাৰে প্ৰাক্তন অধক্ষ্য জুহুলাও শ্বমব্লা বসুমতাৰী ২২সংখ্যক মৃত্যু বাৰ্ষিক তথা এণ্ট টেৰৰ'ৰিচিম ডে' হিচাপে এক দীঘলীয়া কাৰ্য্যসূচী আয়োজন কৰে তেওঁৰ জন্মস্থান চিৰাং জিলাৰ গয়াবাৰীত।অনুষ্ঠানৰ আৰম্ভনিতে আবছুৰ সভাপতি প্ৰমোদ বড়োই আবছুৰ পতাকা উত্তোলন কৰে লগতে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জুহুলাও শ্বমব্লা বসুমতাৰীৰ পত্নী ভানুমতী বসুমতাৰীয়ে।ইয়াৰ উপৰিও তেওঁ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে স্বাক্ষৰ অভিযান আৰম্ভ কৰে।ৰক্তদান শিবিৰ এটিৰো আয়োজন কৰে আবছুৱে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com