সমাগত নিৰ্বাচনঃ ভোটদাতাক সজাগতা সৃষ্টি কৰিবলৈ নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ

সমাগত নিৰ্বাচনঃ ভোটদাতাক সজাগতা সৃষ্টি কৰিবলৈ নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ
Published on

ৰাজ্যৰ নিৰ্বাচন বিভাগে অনতি পলমে সমাগত লোকসভা নিৰ্বাচনত প্ৰত্যেকেই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিছে৷ মুখ্য নিৰ্বাচন অধিকাৰী এম চি সাহুৱে শুক্ৰবাৰে সংবাদমাধ্যমৰ আগত কয় যে, বিভাগৰ দ্বাৰা কৰা এটি সমীক্ষাত পোৱা গৈছে যে ২০১৬ চনত বিধানসভা নিৰ্বাচনত ৰাজ্যৰ প্ৰায় ১০০০ ভোটদান কেন্দ্ৰত হোৱা ভোটদানত ভোটাধিকাৰ ১৫ শতাংশতকৈ কম আছিল ৷ ২০১৬ চনৰ নিৰ্বাচনত ৰাজ্যখনৰ ৩০০০ হাজাৰ ভোটকেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা ১০ শতাংশতকৈও কম আছিল ৷

ৰাজ্যৰ মুখ্য নিৰ্বাচন অধিকাৰী এমচি সাহুয়ে কয় যে সমীক্ষা অনুসৰি, বিভিন্ন লোকৰ ভোটদানৰ ক্ষেত্ৰত সচেতনা আৰু জাগৰণৰ অভাৱৰ কাৰণে ২০১৬ চনত কিছু সংখ্যক স্থানত ভোটাধিকাৰৰ সংখ্যা অত্যন্ত সীমিত আছিল ৷ সাহুৱে লগতে কয় যে, অসমৰ জনসাধাৰণৰ মাজত ভোটদানৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত জাগৰিত কৰিবৰ কাৰণে আৰু ভোটগ্ৰহণৰ দিনা ভোটাধিকাৰ সাব্যস্ত কৰা লোকসকলক ভোটদানৰ মহত্ত্ব বিষয়ে এডুকেশ্যন এণ্ড ইলেক্ট’ৰেল পাৰ্টিচিপেশ্যন প্ৰ’গ্ৰেমে (SVEEP)নিজৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৷

ইফালে এমচি সাহুয়ে লগতে কয় যে, নিৰ্বাচন বিভাগে গ্ৰীণ অস্কাৰ বিজয়ী পুৰ্নিমা দেৱী বৰ্মন,২০১৮ বৰ্ষৰ মিষ্টাৰ ৱল্ড গোলাপ ৰাভা,এথলিট হীমা দাস,বক্সাৰ অংকুশিতা বড়ো,অভিনেতা কপিল বৰা,গায়িকা তৰালী শৰ্মাই ভোটাদাতা সকলক স্বাধীন,নিৰপেক্ষ আৰু নিৰ্ভীকভাৱে ভোটদান কৰিবলৈ প্ৰেৰণা দিব ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com