সৈনিক স্কুলত বছৰেকীয়া একাডেমিক দিৱস উদযাপন

সৈনিক স্কুলত বছৰেকীয়া একাডেমিক দিৱস উদযাপন
Published on

যোৱা দেওবাৰে গোৱালপাৰা জিলাস্থিত সৈনিক স্কুলত বছৰেকীয়া একাডেমিক ২০১৭-১৮ দিৱস পালন কৰা হয়।অনুষ্ঠানৰ আৰম্ভনিতে অসম উচ্চতৰ মাধ্যমিকৰ সঞ্চালক প্ৰধানে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ফনিন্দ্ৰ জিদুঙে বন্তি প্ৰজ্জ্বলন কৰে।কেপ্তেইন ইদুইন যথিৰাজানে বিশিষ্ট অতিথি সকলক সম্ভাষন জনোৱাৰ লগতে স্কুল খনৰ ২০১৭-১৮ৰ একেডেমিক খতিয়ানৰ কৃতিত্ব বহন কৰে।লগতে অভিভাৱক সকলৰ উপস্থতিত নিমন্ত্ৰণী বিশিষ্ট অতিথিৰ দ্ধাৰা বটাঁ বিতৰনী অনুষ্ঠানো আয়োজন কৰা হয়।

২০১৮ৰ দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীন হোৱা কেডেট আদিত্য ৰোহান আৰু কেডেট সত্যষ কুমাৰক গ্লোড মেডেল প্ৰদান কৰা হয়।মুখ্য অতিথি বিজয়ী সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ নিজ লক্ষ্য সমূহক লৈ গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com