হঠাৎতে পৰিদৰ্শন কৰিলে গহপুৰ,বিশ্বনাথৰ বিদ্যালয়সমূহ

হঠাৎতে পৰিদৰ্শন কৰিলে গহপুৰ,বিশ্বনাথৰ বিদ্যালয়সমূহ
Published on

বিশ্বনাথ জিলাৰ এছডিঅ'ৰ সংৰক্ষণ অতিৰিক্ত জিলা উপায়ূক্ত ড° ইন্দ্ৰনেশ্ৰী দাস,গহপুৰ ৰাজহ চক্ৰৰ বিষয়া ৰুমী বৰুৱা,হেলেম ৰাজহ চক্ৰৰ বিষয়া বিমান দাস,সহযোগী উপায়ূক্ত ৰিংকু বড়ো আৰু অন্যান্য বিষয়া সকলে ২৯খন বিদ্যালয় আৰু গহপুৰ উপবিভাগৰ অন্তৰ্গত ২২টা অংগনাৱাড়ী কেন্দ্ৰৰ পৰিদৰ্শন কৰে। ড° ইন্দ্ৰনেশ্ৰী দাস মত প্ৰকাশ কৰা অনুসৰি,হঠাৎতে কৰা পৰিদৰ্শনে বিদ্যালয় আৰু অংগনাৱাড়ীৰ সমস্যা সমূহ চিনাক্ত কৰিব পৰা যাব।পৰিদৰ্শনৰ সময়ত বিদ্যালয় সমূহৰ কিছু সমস্যা যেনে; পৰ্য্যাপ্ত পৰিমানৰ শৌচাগাৰৰ অভাৱ,অস্বাস্থ্যকৰ পৰিৱেশ,ছাত্ৰ-ছাত্ৰীৰ অনিয়মিত অনুপস্থিতি আদি।

এই আটাইসমূহ সমস্যা তথা ৰিৰ্পট শোণিতপুৰ জিলাৰ প্ৰাথমিক শিক্ষাৰ বিষয়ালৈ,বিশ্বনাথ জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু শোণিতপুৰ জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়ালৈ প্ৰেৰন কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com