হত্যাকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

হত্যাকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ
Published on

যোৱা বুধবাৰে ২০আগষ্টত এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা ঘটনা সন্দৰ্ভত সোনাৰি আৰক্ষীয়ে বৰহাট চাহ বাগিছাৰ কয়া বস্তিৰ ৰূপু কয়ৰী নামৰ ব্যক্তি এজনক গ্ৰেপ্তাৰ কৰিছে।জানিব পৰা মতে ৰূপুৱে সমগ্ৰ গাঁওবাসীৰ মাজত মহিলা গৰাকী ডাইনী সজাই ভুৱা বাতৰি প্ৰচাৰ কৰিছিল।মহিলা গৰাকীয়ে ডাইনীবিদ্যা তথা যাদু-মন্ত্ৰৰ অনুশীলন কৰিছিল বাবে বহু গাঁওবাসীৰ লগতৰ শিশু সকলে ভিন্ন অসুখত ভুগিছিল আৰু ৰূপুৱে পূজা-অৰ্চনা কৰি ভগৱানক সন্তুষ্ট কৰাৰ যোগাৰ কৰি গাঁওবাসীক এই বেমাৰৰ পৰা ৰক্ষা কৰিছিল।আৰক্ষীৰ তদন্তত জানিব পৰা গৈছে যে,মহিলা গৰাকীক ডাইনী সজাই ৰূপুৱে মহিলাগৰাকীৰ কৃষিভূমি আৰু সম্পত্তি কাঢ়িব বিচাৰিছিল।

২০আগষ্ট,নিশা পূজা শেষ হোৱা পিছত ৰূপু আৰু দুজন সহযোগীৰ সৈতে চিনাক্ত কৰা অনুসৰি পাৱন্মতি কয়ৰী নামৰ মহিলা গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমন কৰে যাৰ ফলত মহিলা গৰাকী থিতাতে নিহত হয়।পৰবৰ্ত্তী সময়ত মহিলাগৰাকীৰ মৃতদেহ চাহ বাগিছা খনৰ নলাত পেলাই দিয়ে।আৰক্ষীয়ে ৰূপুক গ্ৰেপ্তাৰ কৰি সোণাৰি উপবিভাগৰ আদালতৰ ন্যায়িক জিম্মালৈ প্ৰেৰন কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com