হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজিত উৰ্ত্তীৰ্ণৰ হাৰ সৰ্বাধিক, সৰ্বনিম্ন হাইলাকান্দিত

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজিত উৰ্ত্তীৰ্ণৰ হাৰ সৰ্বাধিক, সৰ্বনিম্ন হাইলাকান্দিত
Published on

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় । এইবাৰ উৰ্ত্তীৰ্ণৰ হাৰ ৬০.২৩ শতাংশ । ৰাজ্যৰ ভিতৰতে সৰ্বাধিক উত্তীৰ্ণ হাৰ হৈছে ধেমাজিত । পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে ধেমাজি । ধেমাজিত উত্তীৰ্ণ হাৰ হৈছে ৮৩.২৮ শতাংশ ।

আনহাতে সৰ্বানিম্ন হাইলাকান্দিত । হাইলাকান্দিত উৰ্ত্তীৰ্ণৰ হাৰ হৈছে ৩৯.০১ শতাংশ । বিগত বৰ্ষত ওদালগুৰিত উত্তীৰ্ণৰ হাল সৰ্বনিম্ন আছিল ।

ধেমাজিৰ পিছতে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ শিৱসাগৰত। শিৱসাগৰত উৰ্ত্তীৰ্ণৰ হাৰ হৈছে ৭০.২০ শতাংশ । তাৰ পাছতে আছে নলবাৰী। নলবাৰীত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৭০.০৮ শতাংশ । কামৰূপ মেত্ৰত উৰ্ত্তীৰ্ণৰ হাৰ হৈছে ৬৯.৩১ শতাংশ । কামৰূপ ৰোৰেলৰ উৰ্ত্তীৰ্ণ হাৰ হৈছে ৬৮.৬৬ শতাংশ ।

আনহাতে লক্ষিমপুৰত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৬৮.৬৪ শতাংশ । লক্ষিমপুৰৰ পৰা শীৰ্ষ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে মেঘাশ্ৰী বৰায়ে ।

দেৰগাঁওত উৰ্ত্তীৰ্ণৰ হাৰ হৈছে ৬৭.৯৩ শতাংশ, বৰপেটাত উৰ্ত্তীৰ্ণৰ হাৰ হৈছে ৬৬.৩৫ শতাংশ । বাক্সাত উৰ্ত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৭৭ শতাংশ ।

আনহাতে মৰিগাঁওত হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলৰ উৰ্ত্তীৰ্ণৰ হাৰ ৬৩.৫৩ শতাংশ । গোলাঘাটত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৫৮.৬০ শতাংশ । বঙাইগাঁওত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৫৮.০৯ শতাংশ ।

ডিমা হাছাওত উৰ্ত্তীৰ্ণৰ হাৰ ৫৭.৭৯ শতাংশ । ধুবুৰীত উৰ্ত্তীৰ্ণৰ হাৰ ৫৭.৩৫ শতাংশ । ডিব্ৰুগড়ত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৫৬.৮৯ শতাংশ । শোণিতপুৰত উৰ্ত্তীৰ্ণ হাৰ ৫৬.৭৫ শতাংশ । নগাঁওত ৫৬.৩৪ শতাংশ উৰ্ত্তীৰ্ণ হাৰ । কোকৰাঝাৰত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৫৬.২২ শতাংশ । তিনিচুকীয়াত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৫৫.২২ শতাংশ ।

ওদালগুৰিৰ উৰ্ত্তীৰ্ণ হাৰ হৈছে ৫৩.৩৮ শতাংশ । গোৱালপাৰাত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৫১.৮৯ শতাংশ । কাছাৰত উৰ্ত্তীৰ্ণৰ হাৰ ৫০.২৯ শতাংশ । আৰু কাৰ্বি আংলং জিলাত উৰ্ত্তীৰ্ণ হাৰ হৈছে ৪৯.০৯ শতাংশ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষ স্থানত ৩৯ গৰাকীয়ে দখল কৰিবলৈ সক্ষম হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com