হিন্দু যুৱ ছাত্ৰ পৰিষদ(এইচৱাইচিপি)ৰ সংগঠনে জ্বলালে চীনৰ পতাকা

হিন্দু যুৱ ছাত্ৰ পৰিষদ(এইচৱাইচিপি)ৰ সংগঠনে জ্বলালে চীনৰ পতাকা
Published on

অৰুণাচলৰ চিয়াং নদীৰ অবাধিত বানে সৃষ্টি কৰা তাণ্ডৱৰ বিৰুদ্ধে লক্ষীমপুৰ জিলাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদে যোৱা শনিবাৰে চাইনিজ তথা চীনৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।সংগঠনটোৰ সভাপতি যুগ্মজ্যোতি দত্ত আৰু সম্পাদক মাধৱ দাসৰ মত অনুসৰি,চীন দেশৰ কাৰনে অৰুণাচল প্ৰদেশ আৰু অসমৰ বিশেষকৈ লক্ষীমপুৰ,ধেমাজি,তিনচুকীয়া,ডিব্ৰুগড় আৰু মাজুলীৰ অৱস্থা অতি ভয়াবহ হৈ উঠিব পাৰে।

সংগঠনটোৱে চৰকাৰক দাবী জনাই যে এই সমস্যাক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উত্থাপন কৰাৰ লগতে চীনৰ বৃহৎ নদী বান্ধৰ ফলত উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্যসমূহ যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে দাবী উত্থাপন কৰে।লগতে সংগঠনটোৱে আলফাই যাতে সমস্যাটোৰ বাবে চীনক কোনো ধৰনৰ সমৰ্থন প্ৰদান নকৰে তাৰবাবে সকিয়নি প্ৰদান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com