হোজাইত বয়োবৃদ্ধক হত্যাৰ সন্দেহ আৰক্ষীৰ

হোজাইত বয়োবৃদ্ধক হত্যাৰ সন্দেহ আৰক্ষীৰ
Published on

বহু বছৰ ধৰি অকলে বসবাস কৰা বৃদ্ধ এজনক হোজাইৰ চাওঁতাল বস্তিত হত্যা কৰি কাপোৰেৰে মৰিয়াই পেলাই থ’লে বাসগৃহত। বাসগৃহত তেজৰ চেঁকুৰা আৰু মৃতদেহ চোচৰাই নিয়াৰ চিন স্পষ্ট। জানিব পৰা মৰে মৃত লোকজনৰ নাম মুনিন্দ্ৰ সৰকাৰ। লোকজনৰ ম'বাইল আৰু দুচকীয়া বাহনো লৈ গ’ল দুৰ্বৃত্তই। ৪ দিন পূৰ্বে দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। দুৰ্গন্ধ বিয়পাত ওচৰ চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com