হৰি নামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক আঠখেলীয়া নামঘৰ

হৰি নামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক আঠখেলীয়া নামঘৰ
Published on

গোলাঘাট জিলাত অৱস্থিত ঐতিহাসিক আঠখেলীয়া নামঘৰত ভাদ মাহত অসমৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱে শৰাই আগবঢ়াই মঙ্গল কামনাৰ বাবে আশীস লয়। ফলত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে গোলাঘাটৰ ঐতিহাসিক আঠখেলীয়া বৰনামঘৰৰ চৌহদ ।এমাহ জোৰা এই ভদীয়া নামলৈ আগমন ঘটে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তৰ অগণন ভক্ত। ভক্তসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসন, আৰক্ষী আৰু স্বেচ্ছাসেৱকসকলে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com