১১সংখ্যক বিশ্ব হিন্দী আলোচনা চক্ৰত উপস্থিত থাকিব জ্যোষ্ঠ সাংবাদিক

১১সংখ্যক বিশ্ব হিন্দী আলোচনা চক্ৰত উপস্থিত থাকিব জ্যোষ্ঠ সাংবাদিক
Published on

অহা ১৮তাৰিখৰ পৰা ২০আগষ্টলৈ মৰিচিয়াছত অনুষ্ঠিত হ'ব ১১সংখ্যক বিশ্ব হিন্দী আলোচনা চক্ৰ।আলোচনা চক্ৰ খন আয়োজন কৰিব মৰিচিয়াছ চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আয়োজন কৰা আলোচনা চক্ৰ খনত অংশ-গ্ৰহন কৰিব পূৰ্বত্তৰ হিন্দী সাহিত্য সভাৰ অধ্যক্ষ,শোণিতপুৰ সাংবাদিক ইউনিয়নৰ উপাধ্যক্ষ,তেজপুৰ আৰু জ্যোষ্ঠ সাংবাদিক ড° নাথমল তিব্ৰৱালা।প্ৰতিনিধি দলটোৱে আগষ্টৰ ১৭তাৰিখে দিল্লীৰ পৰা বিশেষ বিমান যোগে মৰিচিয়াছলৈ যাব।উদ্ধোধনী অনুষ্ঠান উপস্থিত থাকিব মৰিচিয়াছৰ মুখ্যমন্ত্ৰী পাৰ্ৱিন কুমাৰ জগন্নাথ আনহাতে,পশ্চিম বংগৰ ৰাজ্যপাল কেশীনাথ ত্ৰিপাথী ২০আগষ্টৰ সামৰনি অনুষ্ঠানত উপস্থিত থাকিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com