১৪ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা: সময়সূচী ঘোষণা কৰিলে ছেবাই

১৪ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা: সময়সূচী ঘোষণা কৰিলে ছেবাই
Published on

অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ৷ অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ’ব ২০১৮ -২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ অৱশ্যে, এতিয়াও পৰীক্ষাৰ সম্পূৰ্ণ সময় সূচী দিয়া নাই ছেবাই ৷ ইফালে, ৩.৫ লাখ পৰীক্ষাৰ্থীয়ে মেট্ৰি’ক পৰীক্ষাত অৱতীৰ্ণ হ’ব। ৰাজ্যৰ মুঠ ৮৬৭ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব।

অন্যহাতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে চিচিটিভি কেমেৰা সংস্থাপন বাধ্যতামূলক কৰা হৈছে। প্ৰতিটো কেন্দ্ৰৰ সীমা দেৱাল সুউচ্চ হোৱাটো বাধ্যতামূলক কৰা হৈছে৷ পৰীক্ষাৰ্থীয়ে ক’লা চিয়াহীৰ কলম ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷গণিত আৰু উচ্চ গনিত বিষয়ত নাথাকিব পুনৰীক্ষণৰ ব্যৱস্থা৷ পৰীক্ষাৰ্থীৰ উত্তৰ বহীসমূহৰ প্ৰথম পৃষ্ঠাত থাকিব মূল্যায়ন কৰাৰ সুবিধা ৷ লগতে পৰীক্ষকেও প্ৰশিক্ষাৰ্থীৰ বহীত নিজৰ নাম সম্পূৰ্ণকৈ লিখিব লাগিব ৷

ইয়াৰোপৰি অতি স্পৰ্শ কাতৰ অঞ্চলসমূহৰ কেন্দ্ৰসমুহত থাকিব ফ্লাইং স্কোৱাড ৷উল্লেখ্য যে,পৰীক্ষা কেন্দ্ৰসমূহত মোবাইল ফোন ব্যৱহাৰ নিসিদ্ধ কৰা হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com