১৫ জুন আৰু ৩১ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ ক্ষেত্ৰত নিৰাপত্তা দিশত প্ৰস্তুতি সম্পূৰ্ণ

১৫ জুন আৰু ৩১ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ ক্ষেত্ৰত নিৰাপত্তা দিশত প্ৰস্তুতি সম্পূৰ্ণ
Published on

১৫ জুনত প্ৰকাশ পাব লগীয়া অতিৰিক্ত এন আৰ চিৰ খচৰা আৰু ৩১ জুলাইৰ চুৰান্ত খচৰাৰ বাবে নিৰাপত্তাৰ দিশৰ আয়োজন ইতিমধ্যে সম্পুৰ্ণ হৈছে । ৰাজ্যৰ গৃহ বিভাগ আৰু অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে নিৰাপত্তাৰ দিশৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । অঞ্চল সমূহত প্ৰয়োজন সাপেক্ষে নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । নিৰাপত্তাৰ দিশৰ পাছত আন আন অসুৰক্ষিত দিশ সমূহত গুৰুত্ব দিছে।

ৰাজ্যৰ চি এ পি এফৰ বহুতো কোম্পানী নিৰ্বাচনৰ দায়িত্বত দেশৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হৈছিল । ১৫ জুনৰ পূৰ্বে ঘুৰি আহিব বুলি প্ৰকাশ কৰে ।

২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাত সন্নিৱিষ্ট লোক সকলৰ নাম , এন আৰ চিৰ কতৃপক্ষয়ে পৰীক্ষা কৰাৰ পিছতে ১৫ জুনত প্ৰকাশ পাব লগীয়া অতিৰিক্ত এন আৰ চি খচৰাত প্ৰকাশ কৰিব ।২০০৩ ৰ নীতি অনুসৰি ৪(৩) চেকচন মতে পৰীক্ষা কৰা হৈছে ।

৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ ৰ নাম এন আৰ চিত প্ৰকাশ হৈছিল । ৪০.০৭ লাখ লোক বাদ পৰিছিল । ইয়াৰে ৩৬.২ লাখ লোকে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ আবেদন কৰিছিল । প্ৰায় ২ লাখ আপত্তিৰ আবেদন কৰা হৈছিল । এন আৰ চিৰ কৰ্তৃপক্ষয়ে এতিয়া সেই আবেদন সমূহৰ শুনানি গ্ৰহণ কৰি আছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com