২৪ঘণ্টীয়া চিকিৎসা সেৱাৰ দাবী বৃহত্তৰ অসমীয়া যুৱ মঞ্চ(বিএৱাইএম)ৰ

২৪ঘণ্টীয়া চিকিৎসা সেৱাৰ দাবী বৃহত্তৰ অসমীয়া যুৱ মঞ্চ(বিএৱাইএম)ৰ
Published on: 

লক্ষীমপুৰ জিলাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ(বিএৱাইএম)ই পানীগাঁও অতিৰিক্ত হাস্পতালত ২৪ঘণ্টীয়া চিকিৎসা সেৱা প্ৰদান আৰু লক্ষীমপুৰ-কমলাবাৰী সংযোগী পথ নিৰ্মানক কেন্দ্ৰ কৰি যোৱা সোমবাৰে চিকিৎসালয় খনৰ সন্মুখত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।তেওঁলোকৰ এই কাৰ্যত সহযোগ কৰে তেলাহী আঞ্চলিক ইউনিটে। তেলাহী আৰু কমলাবৰীয়া মৌজাৰ বহু সংখ্যক লোকে বহু দিন ধৰি পানীগাঁওৰ চিকিৎসালয় খনত উপযুক্ত চিকিৎসা সেৱা ভোগ কৰাৰ পৰা বিৰত থাকিব লগা তথা অতিৰিক্ত সা-সুবিধাৰ অভাৱ মানুহক হাৰাশাস্তি কৰি তুলিছে । সেয়ে সংগঠনটোৱে ৰাজ্যিক স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com