২৭ ডিচেম্বৰৰ পৰা দৈজিং মহোৎসৱত জিলিকিব চিৰাং জিলাৰ আই নদীৰ পাৰ

২৭ ডিচেম্বৰৰ পৰা দৈজিং মহোৎসৱত জিলিকিব চিৰাং জিলাৰ আই নদীৰ পাৰ

অসম পৰ্যটন নিগমৰ উদ্যোগত ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হব ৩য় বাৰ্ষিক দৈজিং মহোৎসৱ।১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিৰাং জিলাৰ আই নদীৰ পাৰত অনুষ্ঠিত হব এই সাংস্কৃতিক মহোৎসৱ। অসমৰ নদী পৰ্যটন তথা বিটিএডি আৰু অসমৰ গ্ৰামাঞ্চলৰ কলা- কৃষ্টি, সংস্কৃতি, পৰম্পৰা, ৰীতি নীতি ৰ আন্তৰাষ্ট্ৰীয় মানত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই দৈজিং মহোৎসৱৰ প্ৰস্তুতি তুংগত হৈ উঠিছে বুলি সদৰি কৰে অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই।

বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই জনোৱা অনুসৰি ২০১৬ -১৭ বৰ্ষত চিৰাং জিলাৰ আই নদীৰ পাৰত আই নদী শীত উ‌ৎসৱ হিচাপে পালন কৰি অহা এই অনুষ্ঠান‌ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বৃহৎ সাংস্কৃতিক অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰেই নাম সলনি কৰি দৈজিং মহোৎসৱ নামাকৰণেৰে অসম পৰ্যটন বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। দৈজিং মহোৎসৱৰ মুখ্য আকৰ্ষণ হিচাপে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী হিমেশ ৰেছমিয়া, কৈলাস খেৰ, অমিত ত্ৰিবেদী, ডাব্লিউ ডাব্লিউ ই ৰ মল্লযোদ্ধা গ্ৰেট খালি, অভিনেত্ৰী মালাইকা আৰোৰা উপস্থিত থাকিব। লগতে দেশী বিদেশী বহুতো অতিথিৰ অংশগ্ৰহণেৰ লগতে অসমৰ জাতি জনগোষ্ঠীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহোৎসৱ সজাই তোলাৰ কথা উল্লেখ কৰে মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই।

উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীয় শব্দ দৈজিংৰ অৰ্থ হৈছে নৈৰ পাৰ আৰু আই নদীত থকা অসমৰ আটাইতকৈ দীঘল গ্ৰাম্য নদী দলঙৰ আকৰ্ষণৰ বাবেই সেই অঞ্চলত যথেষ্ট লোকৰ পয়োভৰ ঘটে বনভোজৰ বাবে ডিচেম্বৰ জানুৱাৰী মাহত আনহাতে অসমৰ দীঘল গ্ৰাম্য নদী দলঙ খনৰ নাম হাগ্ৰামা ব্ৰিজ। মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই জনাই যে দৈজিং মহোৎসৱত পৰিৱেশিত হব বিভিন্ন ধৰনৰ পৰম্পৰাগত খাদ্য, খেল ধেমালি, সংস্কৃতি, ৰোমাঞ্চকৰ কাৰ্যাৱলী আদি বহুতো।ইয়াৰ দ্বাৰা অসমৰ নদী পৰ্যটনৰ প্ৰচুৰ সম্ভাবনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

পৰ্যটকক আকৰ্ষণ কৰিবলৈ এইবাৰৰ মহোৎসৱত হেলিকপ্তাৰ ছাফাৰী, ৱাটাৰ বেলুন, ৱাটাৰ স্কুটাৰ, আদি বিভিন্ন ধৰণৰ দু: সাহসিক ক্ৰিয়াৰ আকৰ্ষণৰ ব্যৱস্থা কৰা হৈছে। দৈজিং মহোৎসৱৰ ১২ দিনেই বহুতো তাৰকাৰ অংশগ্ৰহণেৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব বুলি সংবাদমেলৰ আগত প্ৰকাশ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com