৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাঃসচেতনতাৰ অভাৱ প্ৰশাসন আৰু চৰকাৰৰ

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাঃসচেতনতাৰ অভাৱ প্ৰশাসন আৰু চৰকাৰৰ
Published on

অসমৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথে অসম,নাগালেণ্ড আৰু অন্যান্য ঠাইসমূহক সংলগ্ন কৰিছে। কিন্তু পৰিতাপৰ কথা যে ৰাষ্ট্ৰীয় ঘাই পথটোত থকা বৃহৎ সংখ্যক গাঁতে বাহন চালকসকলকৰ অৱস্থা শোচনীয় কৰিছে ৷ কাৰণ বাৰিষাৰ বতৰত পথত থকা দ গাঁতসমূহত পানী জমা হোৱাৰ কাৰণে, চালক সকলে পথটোৰ দুৰৱস্থাৰ বিষয়ে জনাত অসুবিধাত পৰে ৷

ইফালে বহু বাৰ বৃহৎ আৰু সৰু বাহনসমূহ দ গাঁতত পৰা কাৰণে ক্ৰেন দ্বাৰা উঠাব লগা পৰিস্থিতিৰ সৃষ্টি হয় । এই সন্দৰ্ভত এজন ড্ৰাইভাৰে কয় যে প্ৰথমতে ৰঙাজান আৰু ডিমাপুৰৰ মাজত দুৰত্বৰ সময়সীমা আছিল ১ ঘন্টা ৩০ মিনিট ৷

সম্প্ৰতি ৰঙাজান আৰু ডিমাপুৰ মাজত সময়সীমা হৈছে ৩ ৰ পৰা ৪ ঘন্টা ৷ গতিকে, এই তথ্যই এই কথাক সূচায় যে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো কেৱল প্ৰশাসনৰ দ্বাৰাই উপেক্ষিত নহয় , সম পৰিমাণে চৰকাৰৰ দ্বাৰাও উপেক্ষিত ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com