৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাঃসচেতনতাৰ অভাৱ প্ৰশাসন আৰু চৰকাৰৰ

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাঃসচেতনতাৰ অভাৱ প্ৰশাসন আৰু চৰকাৰৰ
Published on: 

অসমৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথে অসম,নাগালেণ্ড আৰু অন্যান্য ঠাইসমূহক সংলগ্ন কৰিছে। কিন্তু পৰিতাপৰ কথা যে ৰাষ্ট্ৰীয় ঘাই পথটোত থকা বৃহৎ সংখ্যক গাঁতে বাহন চালকসকলকৰ অৱস্থা শোচনীয় কৰিছে ৷ কাৰণ বাৰিষাৰ বতৰত পথত থকা দ গাঁতসমূহত পানী জমা হোৱাৰ কাৰণে, চালক সকলে পথটোৰ দুৰৱস্থাৰ বিষয়ে জনাত অসুবিধাত পৰে ৷

ইফালে বহু বাৰ বৃহৎ আৰু সৰু বাহনসমূহ দ গাঁতত পৰা কাৰণে ক্ৰেন দ্বাৰা উঠাব লগা পৰিস্থিতিৰ সৃষ্টি হয় । এই সন্দৰ্ভত এজন ড্ৰাইভাৰে কয় যে প্ৰথমতে ৰঙাজান আৰু ডিমাপুৰৰ মাজত দুৰত্বৰ সময়সীমা আছিল ১ ঘন্টা ৩০ মিনিট ৷

সম্প্ৰতি ৰঙাজান আৰু ডিমাপুৰ মাজত সময়সীমা হৈছে ৩ ৰ পৰা ৪ ঘন্টা ৷ গতিকে, এই তথ্যই এই কথাক সূচায় যে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো কেৱল প্ৰশাসনৰ দ্বাৰাই উপেক্ষিত নহয় , সম পৰিমাণে চৰকাৰৰ দ্বাৰাও উপেক্ষিত ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com