৫০৩ গৰাকী তৃতীয় লিংগ ভোটদাতাৰ ভোটদান অনাগত নিৰ্বাচনত

৫০৩ গৰাকী তৃতীয় লিংগ ভোটদাতাৰ ভোটদান অনাগত নিৰ্বাচনত
Published on

সমাগত লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ কাৰণে সাজু হৈছে সকলো৷ চলিত বৰ্ষৰ এপ্ৰিলত হ’ব লগা নিৰ্বাচনত দেশ বাসীৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈছে তৃতীয় লিংগৰ লোকসকল । ৰাজ্য খনত থকা ৫০৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক ঐতাহাসিক সিদ্ধান্ত অনুসৰি ট্ৰান্সজেণ্ডাৰ লোকসকলক তৃতীয় লিংগ হিচাপে ঘোষণা কৰে। আৰু সংবিধানৰ আধাৰত সকলো মৌলিক অধিকাৰ তৃতীয় লিংগৰ ব্যক্তিসকলক প্ৰদান কৰে ৷

লগতে তৃতীয় লিংগৰ লোকসকলক সামাজিক ভাৱেও নিজক পৰিচয় প্ৰদান কৰিবলৈও অধিকাৰ প্ৰদান কৰে ৷ ইফালে ৰাজ্যৰ নিৰ্বাচন বিভাগৰ এক বিশেষ সূত্ৰৰ মতে ৰাজ্যখনত ২,১৭,৬০,৬০৪ ভোটাধিকাৰৰ ভিতৰত ৫০৩ ভোটাধিকাৰ হৈছে তৃতীয় লিংগৰ ৷ এই ৫০৩ গৰাকী তৃতীয় লিংগৰ ভোট দাতাৰ ভিতৰত ১১ এপ্ৰিলত হোৱা হোৱা সংসদীয় নিৰ্বাচনত ১৫৮ জনে ভোটদান কৰিব ৷দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ১৮ এপ্ৰিলত ভোট দান কৰিব ১৮১ গৰাকীয়ে আৰু তৃতীয় পৰ্যায়ত অৰ্থাৎ ২৩ এপ্ৰিলত ভোটদান কৰিব ১৬৪ গৰাকী ভোটদাতাই ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com