ৰাজ্যপাল জগদীশ মুখীৰ কৃষক সকলক লৈ এক বিশেষ পদক্ষেপ

ৰাজ্যপাল জগদীশ মুখীৰ কৃষক সকলক লৈ এক বিশেষ পদক্ষেপ
Published on

অসমৰ ৰাজ্য পাল জগদীশ মুখীয়ে (Jagdish Mukhi)২০২২ চনৰ ভিতৰত কৃষক সকলৰ আয় বৃদ্ধি হোৱাৰ লক্ষ্যৰে তথা উৎপাদনৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ কাৰণে এক মণ্ডল গঠন কৰিছে ৷খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত এক আন্তৰাষ্ট্ৰীয় সন্মিলনৰ উদঘাটন কৰি ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৃষকসকলৰ আয় দুগুন বৃদ্ধিৰ কাৰণে এক কাৰ্যসূচী হাতত লোৱা হ’ব ৷

লগতে ৰাজ্যপাল মুখীয়ে কয় যে কৃষকসকলৰ আয় দুগুণ বৃদ্ধিৰ কাৰণে অসম কৃষি বিশ্ব বিদ্যালয়ৰ উপাধ্যক্ষৰ লগত এই বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিছে ৷ আৰু ইয়াৰ পিছত তেওঁ পথ সমূহৰ মেপ তৈয়াৰ কৰিছে ৷ আৰু বেংক আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত এই সম্পৰ্কে আলোচনা কৰা হ’ব ৷

ইয়াৰোপৰি ৰাজ্যপাল জগদীশ মুখীয়ে কৃষকসকলৰ সুখী আৰু আৰ্থিক ক্ষেত্ৰত শক্তিশালী কৰিবৰ কাৰণে সকলো হিতাধিকাৰী সকলৰ সহযোগ বিচাৰে ৷ৰাজ্যপাল মুখীয়ে ৰাজ্যত পশুধনসমূহৰ বৃদ্ধিৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব ৷ য’ত কৃষক সকলৰ আয় দুগুণ বৃদ্ধিৰ কাৰণে পশুৰ আবাদী বৃদ্ধি কৰিবৰ ওপৰত গুৰত্ব দিব ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com