ৰাজ্যিক জলসিঞ্চন বিভাগলৈ আবন্টিত ১০ কোটি টকা ব্যবহাত ব্যৰ্থ

ৰাজ্যিক জলসিঞ্চন বিভাগলৈ আবন্টিত ১০ কোটি টকা ব্যবহাত ব্যৰ্থ
Published on

২০১৮-১৯ বৰ্ষত এচ ডি আৰ এফৰ অধিনত বানপানীৰ ফলত হোৱা ক্ষয় ক্ষতিৰ তথ্য দাখিলত ব্যৰ্থ হৈছে ৰাজ্যৰ জলসিঞ্চন বিভাগ। তাৰ ফলত এই সময়ছোৱাত জলসিঞ্চন বিভাগলৈ আবন্টিত ১০ কোটি টকা ব্যবহাৰত ব্যৰ্থ হৈছে বিভাগটো ।

গৃহ মন্ত্ৰালয়ৰ অনুমতি মৰ্মে কেন্দ্ৰ আৰু ৰাজ্যৰ পৰা ৯০:১০ আবন্টিত কৰা হয় এচ ডি আৰ এফ বিভাগলৈ। ৰাজ্যত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মুকলি কৰি দিয়ে ধনৰাশি । আবন্টিত ধনৰাশি বানপানীত ক্ষতিগ্ৰস্থ লোক সকলক সহায় কৰাৰ লগতে বানে ধ্বংস কৰা অঞ্চলসমূহ, জলসিঞ্চন বিভাগৰ প্ৰকল্প আদি পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কামত ব্যৱহাৰ কৰা হয় ।

২০১৮-১৯ বৰ্ষত ৰাজ্যিক দুৰ্যোগ প্ৰশমন আৰু ব্যবস্থাপনা বিভাগে কেন্দ্ৰৰ পৰা ৫৩২ কোটি আবন্টিত লাভ কৰিছে । আনহাতে এই সময়ছোৱাত হোৱা ক্ষয় ক্ষতিৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৪৩৮ কোটি ব্যয় কৰে। এই ধনৰাশি বিভিন্ন ক্ষেত্ৰত ব্যবহাৰ কৰা হয় । বান্ধৰ মেৰামতি, পথৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হোৱা লোকসকলৰ সহায়ৰ বাবে ব্যৱহাৰ কৰা হয় । প্ৰকল্পটোৰ কাম আৰম্ভ হোৱাৰ পাছত বিভাগটোৱে ২০১৯ চনৰ ১ এপ্ৰিললৈকে ২৯১.৬০ কোটি জমা কৰে।

২০১৯-২০২০ বৰ্ষত কেন্দ্ৰয়ে এচ ডি আৰ এফ বিভাগলৈ ৫৫৯ কোটি আবন্টন দিছে। বাৰিষা অহাৰ আগতে সাম্ভাব্য বানপানীৰ ক্ষতিগ্ৰস্ত অঞ্চল সমুহত মেৰামতিৰ বাবে ৫০ কোটি মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে । সুত্ৰয়ে জনোৱা মতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ইতিমধ্যে ৰাজ্যিক গৃহ বিভাগক এই প্ৰস্তাৱ দিছে বুলি প্ৰকাশ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com