ৰাজ্যৰ নদীবান্ধ সমূহ শীঘ্ৰেই মেৰামতি কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ৰাজ্যৰ নদীবান্ধ সমূহ শীঘ্ৰেই মেৰামতি কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
Published on

শুকুৰবাৰে জনতা ভৱনৰ কনফৰেন্সৰ হলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল জল সম্পদ বিভাগৰ বিষয়াৰ লগত এক বৈঠকত মিলিত হয় । বিভাগটোক বান্ধ সমূহ শীঘ্ৰেই মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লগতে বিভাগটো শীৰ্ষ বিষয়া সকলৰে ৩ টা ইউনিট গঠন কৰি উজনি আৰু নামনি অসমৰ লগতে বৰাক উপত্যকাৰ নদী বান্ধ সমূহ পৰ্যবেক্ষন কৰি মেৰামতি কৰাৰ লগতে কন্ট্ৰল ৰোম স্থাপনৰ নিৰ্দেশ দিছে আৰু বানপানীত সম্ভাৱনীয় ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে খাদ্য অথবা অন্যান্য সামগ্ৰী সমূহ শাখা, উপ-শাখা সমূহ মজুত কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

এচ ডি আৰ এফৰক বানপানীত ক্ষতিগ্ৰস্থ লোকক সহায় কৰিবলৈ সষ্টম হৈ থাকিবলৈ , লগতে স্থানীয় যুৱকক সাহাৰ্য্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ আহ্বান জনাই। লগতে এই বৈঠকতে শক্তি বিভাগক বিপদসংকুল ভাৱে থকা বিদুৎৰ তাৰ সমুহৰ সঠিক ভাৱে লগোৱাৰ ব্যবস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে জল সম্পদ বিভাগৰ বিষয়া সকলক সময় মতে জিলা উপায়ুক্ত লগত যোগাযোগ কৰিবলৈও নিৰ্দেশ দিয়ে।

এই বৈঠকতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৱা বছৰ বানপানীয়ে ক্ষতি কৰা ২৯ বান্ধৰ ভিতৰত ২৮ বান্ধৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰে । আনহাতে গুৱাহাটীৰ কৃটিম বানৰ পানী ওলাই যাবলৈ ৩৮ টা পাম্পৰ ব্যবস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে।

জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰছ উপদেষ্টা ঋশ্বিকেশ গোস্বামী আৰু শান্তনু ভঁৰালী, ব্ৰক্ষপুত্ৰ বৰ্ডৰ অধক্ষ্য ৰাজীৱ যাদব, জল সম্পদ বিভাগৰ শীৰ্ষ বিষয়া, বৃত্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া উপস্থিত থাকে এই বৈঠকত।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com