ৰামধেনু সদৃশ মিত্ৰজোটে কংগ্ৰেছক প্ৰতিহত কৰিব: অতুল বৰা

ৰামধেনু সদৃশ মিত্ৰজোটে কংগ্ৰেছক প্ৰতিহত কৰিব: অতুল বৰা

অসমৰ সংসদীয় নিৰ্বাচনত ৰামধেনু সদৃশ মিত্ৰজোট অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, বি পি এফ , ৰাভা যৌথ সংগ্ৰাম সমিতি, তিৱা জাতীয় ঐক্য মঞ্চ আৰু সন্মিলিত জনশক্তিয়ে নিশ্চিত ভাৱে জয়ী হব বুলি অতুল বৰায়ে প্ৰকাশ কৰে । অগপৰ মুখ্য কাৰ্য্যালয়ত প্ৰায় হাজাৰ লোকৰ সমৰ্থন প্ৰাক্তন আছুৰ উপ সভাপতি মনি মাধৱ মহন্তে অগপত যোগদানৰ অনুষ্ঠানত অংশগ্ৰহন কৰি অতুল বৰায়ে এই মন্তব্য কৰে ।

সংবাদ মাধ্যমক সম্বোধন কৰি লগতে অতুল বৰায়ে কয় যে মিত্ৰজোট চৰকাৰৰ মুল লক্ষ্য হল লোকসভা নিৰ্বাচনত কংগ্ৰেছক প্ৰতিহত কৰা।

লগতে অতুল বৰায়ে উল্লেখ কৰে যে " আমাৰ মিত্ৰজোট কোনো নতুন বুজাবুজি নহয় । ২০০১ চনতো আমাৰ একে ৰাজনৈতিক বুজাবুজি আছিল । একেদৰেই ২০১৬ চনত বিধানসভা নিৰ্বাচনত মিত্ৰজোট চৰকাৰে জনসাধাৰণৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছিল । লোকসভা নিৰ্বাচনতো পুৰ্বৰ বুজাবুজিতে অবতীৰ্ণ হব । কংগ্ৰেছক প্ৰতিহত কৰাৰ প্ৰথম লক্ষ্য হিচাপে লৈ ।

কেইজনমান ব্যক্তিয়ে ছছিয়েল মেডিয়াত অগপ আৰু বিজেপিৰ পুনৰ মিত্ৰতাৰ সম্পৰ্কত সমালোচনা কৰিছে বুলিও মন্তব্য কৰে অতুল বৰায়ে । সমালোচনা কৰা সকলৰ ভিতৰত বেছি ভাগেই কংগ্ৰেছৰ নেতা বুলিও উল্লেখ কৰে । কংগ্ৰেছৰ সমৰ্থনকাৰী সকলে নিৰ্বাচনৰ প্ৰাকক্ষণত মিত্ৰজোট চৰকাৰক লৈ অপ-প্ৰচাৰ চলাই আছে বুলি প্ৰকাশ কৰে ।

অগপ আৰু বিজেপিৰ বুজাবুজি দুটা দলৰ মাজত হৈছে, এয়া কোনো এজন বা দুজন ব্যক্তিৰ সিদ্ধান্ত নহয় বুলি প্ৰকাশ কৰে অতুল বৰায়ে ।

যুৱ প্ৰজন্ম আৰু বিভিন্ন ছাত্ৰ নেতায়ে সমৰ্থন আগবঢ়াইছে। এই সমৰ্থনে দলৰ উন্নয়নত নিশ্চিত ভাৱে ইতিবাচক প্ৰভাৱ পেলাব বুলিও প্ৰকাশ কৰে অতুল বৰাই ।

অগপ হৈছে এটা আঞ্চলিক দল । আঞ্চলিক দল হিচাপে অগপৰ সদস্য, নেতা, বিধায়ক আৰু সাংসদ সকলে প্ৰাথ্যমিক দায়িত্ব হৈছে ৰাজ্যৰ মুখ্য সমস্যা সমুহৰ ওপৰত গুৰুত্ব আৰোপ কৰা ।

অগপত যোগদান কৰি মনি মাধৱ মহন্তয়ে প্ৰকাশ কৰে যে কলিয়াবৰত যোৱা ৫ বছৰত অতি লেহেমীয়া গতিৰে উন্নয়ন হৈছে । সেয়েহে এইবাৰ নিশ্চিত ভাৱে জনসাধাৰণে অগপক ভোট দিব ।

সুত্ৰয়ে জনোৱা মতে কলিয়াবৰত অগপয়ে মনি মাধৱ মহন্তক প্ৰাৰ্থীত্ব প্ৰদান কৰিব । মনি মাধৱ মহন্ত অগপৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ । লোকসভা নিৰ্বাচনত ইতিমধ্যে কংগ্ৰেছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰ পুত্ৰ গৌৰব গগৈক প্ৰাৰ্থী হিচাপে প্ৰকাশ কৰিছে । ১১ এপ্ৰিলত প্ৰথম পৰ্যায় ভোট গ্ৰহণত ডিব্ৰুগড়, যোৰহাট, লক্ষিমপুৰ , কলিয়াবৰ আৰু তেজপুৰত অনুষ্ঠিত হব ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com