ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত আসাম পাব্লিক ৱৰ্কছৰ সংবাদমেল

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত আসাম পাব্লিক ৱৰ্কছৰ সংবাদমেল
Published on: 

আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত আসাম পাব্লিক ৱৰ্কছে এক সংবাদমেল সম্বোধন কৰে। এখন প্ৰকৃত শুদ্ধ এন আৰ চি কেনেকৈ পাম বুলি প্ৰশ্ন কৰে এ পি ডব্লিউৰ অভিৎত শৰ্মায়ে । ২২ খন জিলাত বাংলাদেশী সোমাইছে বুলিও অভিযোগ উত্থাপন কৰে ।

লিগেচি ডাতাৰ ক্ৰয় বিক্ৰয়েৰে খচৰা এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা সকলৰ ক্ষেত্ৰত কি ব্যবস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে।

লাখ লাখ লোকে আবেদন দাখিল কৰিছিল যদিও শুনানিৰ সময়ত উপস্থিত থকা পৰিলক্ষিত হোৱা নাই । ভূৱা তথ্য দিয়া সকলৰ বিৰুদ্ধে যদি অভিযোগ দাখিল কৰা নহয় সেয়া অতি দুৰ্ভাগ্যজনক হব বুলিও প্ৰকাশ কৰে অভিজিৎ শৰ্মায়ে।

আনহাতে ২ টাতকৈ অধিক সন্তান জন্ম হলে সেই লোকসকলৰ সকলো চৰকাৰী সাহাৰ্য্য কৰ্তন কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰত দাবী জনাব বুলিও প্ৰকাশ কৰে অভিজিৎ শৰ্মায়ে । ১০, ১২ টা সন্তান জন্ম দিয়া বিষয়টো এ পি ডব্লিউয়ে গুৰুত্ব সহকাৰে লৈ ইতিমধ্যে ন্যায়ালয়ত আবেদন কৰিছে বুলিও জনাইছে ।

লগতে এন আৰ চিৰ সন্দৰ্ভত ৰাজ্যিক সমন্বয়, এন আৰ চি বিভাগে শীঘ্ৰে সংবাদ মাধ্যমৰ আগত অসমৰ ৰাইজে যি বিচাৰিছে সেয়া দিবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি লিখিত ভাবে দিব লাগে বুলি প্ৰকাশ কৰে এ পি ডব্লিউয়ে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com